অসম

assam

By

Published : Aug 4, 2020, 3:09 AM IST

ETV Bharat / city

ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা 45275 লৈ বৃদ্ধি

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ সোমবাৰ দিনটোত পুনৰ মুঠ 2371 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি ৷ ইয়াৰে 192 গৰাকী কামৰূপ গ্ৰাম্যৰ হোৱাৰ বিপৰীতে কামৰূপ মেট্ৰ’ৰ হৈছে 414 গৰাকী ৷ আনহাতে ডিব্ৰুগড়ৰ 282 আৰু নগাঁৱৰ 251 গৰাকীকৈ লোক ৷

Assam COVID-19 Cases Rise to 45275
Assam COVID-19 Cases Rise to 45275

নিউজ ডেস্ক, 4 আগষ্ট : ৰাজ্যত ভয়ংকৰ ৰূপত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সোমবাৰৰ দিনটোত ৰাজ্যত পুনৰ নতুনকৈ 2371 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে 192 গৰাকী কামৰূপ গ্ৰাম্যৰ হোৱাৰ বিপৰীতে কামৰূপ মেট্ৰ’ৰ হৈছে 414 গৰাকী ৷ আনহাতে ডিব্ৰুগড়ৰ 282 আৰু নগাঁৱৰ 251 গৰাকীকৈ লোক ৷

ৰাজ্যখনত যোৱা 24 ঘণ্টাত মুঠ 41958 গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হৈছে বুলি টুইট যোগে জানিবলৈ দিয়ে স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷

বৰ্তমানে ৰাজ্যখনত ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 45275 গৰাকী ৷ অৱশ্যে সোমবাৰৰ দিনটোত 1044 গৰাকীকৈ আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈও সক্ষম হয় ৷ ফলত ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে মুঠ 33428 গৰাকীকৈ লোকে ৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 11735 টা ঘটনা ৷

ইপিনে বৰ্তমানলৈকে মৃত্যু হৈছে 109 গৰাকী লোকৰ ৷ ক’ভিডত সোমবাৰে পুনৰ ৰাজ্যখনত চাৰিগৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় ৷

লগতে চাওকৃ-তেজপুৰত ঘৰে ঘৰে হ’ব ক’ভিড-19ৰ পৰীক্ষা

ABOUT THE AUTHOR

...view details