অসম

assam

ETV Bharat / city

COVID-19 : অসমৰ বৰ্তমানৰ পৰিস্থিতি - Himanta Biswa Sarma covid tweet

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ বিভীষিকা ৷ বৰ্তমানলৈ অসমত মুঠ আক্ৰান্তৰ সংখ্যা 8407 গৰাকী ৷ ইয়াৰে ভিতৰত আৰোগ্য হৈ উঠিছে 5647 গৰাকী ৷ আনহাতে ৰাজ্যখনত বৰ্তমানলৈকে ক’ভিডত মৃত্যু হৈছে 12 গৰাকী লোকৰ ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 2745 টা ঘটনা ৷

Assam COVID 19 Case increase
Assam COVID 19 Case increase

By

Published : Jul 1, 2020, 12:56 AM IST

Updated : Jul 1, 2020, 1:01 PM IST

নিউজ ডেস্ক, 1 জুলাই : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাই আছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ মঙলবাৰে নিশা পুনৰ 572 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত টুইট যোগে প্ৰকাশ কৰিছে এই তথ্য ৷ উল্লেখ্য যে, এই আক্ৰান্তৰ 380 টা ঘটনা কেৱল গুৱাহাটী মহানগৰীতেই পঞ্জীয়নকৃত কৰা হয় ৷ ইয়াৰ লগে-লগে বৰ্তমানলৈকে অসমত কৰ’ণা ভাইৰাছত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 8407 ৷ ইয়াৰে ভিতৰত আৰোগ্য হৈ উঠিছে5647গৰাকী লোক ৷

আনহাতে বৰ্তমানলৈকে ৰাজ্যখনত ক’ভিডত মৃত্যু হৈছে 12 গৰাকী লোকৰ ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 2745 টা ঘটনা ৷ 30 জুনত মুঠ 613 টা আক্ৰান্তৰ ঘটনা ধৰা পৰে ৰাজ্য়খনত ৷


লগতে চাওক-ৰাজ্যৰ বান পৰিস্থিতি : বৰ্তমানলৈকে 27 জন লোকৰ মৃত্যু

Last Updated : Jul 1, 2020, 1:01 PM IST

ABOUT THE AUTHOR

...view details