নিউজ ডেস্ক, 4 জুলাই :ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ শুকুৰবাৰৰ নিশা পুনৰ ৰাজ্যত 365 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰী কৰিছে এই তথ্য ৷
নতুনকৈ আক্ৰান্ত হোৱা 365 গৰাকী ৰোগীৰ ভিতৰত 134 টা ঘটনা হৈছে গুৱাহাটী মহানগৰীৰ ৷ ইয়াৰ লগে-লগে অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 9799 টা ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 6327 গৰাকীকৈ লোক ৷