অসম

assam

ETV Bharat / city

কমলপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

পুঠিমাৰী, বৰলীয়া আৰু কলাজল নৈয়ে বাইহাটা চাৰিআলিত বিস্তৰ ক্ষতি সাধন কৰিছে ৷ আনকি বাঢ়নী পানীত বুৰ গৈছে বাইহাটা চাৰিআলিৰ কমলপুৰ সমষ্টিৰ ইখনৰ পাচত সিখন গাঁও ৷ হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷ বানাক্ৰান্ত ৰাইজৰ দুখ-দুদৰ্শা বুজ ল’বলৈ শনিবাৰে কমলপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma at Baihata chariali) ৷

কমলপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা
কমলপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

By

Published : Jun 18, 2022, 5:01 PM IST

গুৱাহাটী, 18 জুন : অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি (Flood in assam 2022) ৷ উজনীৰ পৰা নামনিলৈ ইখনৰ পাচত সিখন গাঁও বুৰ গৈছে পানীৰ তলত ৷ বন্যাৰ্তৰ মাজত এতিয়া হাহাকাৰময় অৱস্থা ৷ খাবলৈ নাই পৰ্যাপ্ত আহাৰ, থাকিবলৈ নাই আপোন পঁজাটো ৷ আনকি এতিয়া প্ৰাণৰ সংশয়তো ভুগিছে বানাক্ৰান্ত ৰাইজে ৷

বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বাইহাটা চাৰিআলিৰ কমলপুৰৰ কলাজলো এতিয়া ডুব গৈছে পানীৰ তলত (Flood at Kamalpur) ৷ পুঠিমাৰী, বৰলীয়া আৰু কলাজল নদীয়ে বাইহাটা চাৰিআলিৰ বিশেষকৈ কমলপুৰবাসী বিশেষ ক্ষতি কৰিছে ৷ যাৰ বাবে অঞ্চলটোৰ দুখ-দুদৰ্শা বুজ ল’বলৈ শনিবাৰে কমলপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visited Flood effected area of Baihata chariali)৷

কমলপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

বাইহাটা চাৰিআলিৰ কমলপুৰৰ কলাজলত উপস্থিত হৈ বানপৰিস্থিতি বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বন্যাৰ্তসকলৰ লগতো মতবিনিময় কৰে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বন্যাৰ্তসকলৰ বাবে আশ্ৰয় শিবিৰ স্থাপনৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদনা কৰে ।

কমলপুৰত বান পৰিস্থিতি বুজ লোৱাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই । উল্লেখ্য যে, কেৱল কমলপুৰ সমষ্টিয়ে নহয়, মুখ্যমন্ত্ৰীগৰাকীয়ে শনিবাৰে জালুকবাৰী সমষ্টিৰ কেইবাটাও বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক :সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হ’লে শেষ হ’ব বান সমস্যা: NHPC কৰ্তৃপক্ষ

ABOUT THE AUTHOR

...view details