গুৱাহাটী, 30 জুন : কিছুদিন পূৰ্বে দৰং জিলাৰ উপায়ুক্তক ধমক দিয়াৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ভিডিঅ’ কনফাৰেন্সিংযোগে ধমক দিলে বৰপেটা জিলাৰ উপায়ুক্তক (Assam CM rebuke Barpeta DC)। ৰাজ্যৰ বান পৰিস্থিতি আৰু বানপীড়িত লোকসকললৈ আগবঢ়োৱা সাহাৰ্য ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে উপায়ুক্তসকলৰ সৈতে মিলিত হয় মুখ্যমন্ত্ৰী (CM video conference with DC)৷ জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাযোগে জিলা উপায়ুক্তসকলৰ সৈতে বাৰ্তালাপ কৰে ৷
এই বৈঠকতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূশালক ধমক দি জিলাখনৰ বান পৰিস্থিতিৰ লগত ভালদৰে মোকাবিলা কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে (Flood situation in Barpeta)। মুখ্যমন্ত্ৰীয়ে জিলাখনত বান সাহায্যৰ নামত গাফিলতি কৰা ঠিকাদাৰসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে বৰপেটা জিলা উপায়ুক্তক কঠোৰ নিদেৰ্শ দিয়ে । এই বৈঠকতে বানপানীৰ ক্ষয়-ক্ষতি, সাহায্য সামগ্ৰী প্ৰদান সম্পৰ্কত লোৱা ব্যৱস্থাৱলীৰ বিতংভাৱে বুজ লয় মুখ্যমন্ত্ৰীয়ে (Assam CM review on flood situation)৷
বানত প্ৰভাৱিত হোৱা কোনো ব্যক্তিয়েই যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিবলগীয়া সাহায্যৰ পৰা বঞ্চিত হ’ব লগা নহয় সেয়া সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নিৰ্দেশনা প্ৰদান কৰে ৷
মুখ্যমন্ত্ৰীয়ে কয় যে, চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰৰ উপৰি যিসকল লোকে ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথ আদিৰ দৰে ঠাইত নিজাববীয়াকৈ আশ্ৰয় গ্ৰহণ কৰি আছে তেনে প্ৰতিটো পৰিয়ালে বস্ত্ৰ, ঘৰুৱা আচ-বাব আদিৰ ক্ষতিপূৰণৰ বাবদ ৩,৮০০ টকাকৈ লাভ কৰিব ৷ এই উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা বৈঠকত এনেদৰে আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ জিলা উপায়ুক্ত সকলক নিৰ্দেশনা প্ৰদান কৰে ৷