গুৱাহাটী, ২২ ডিচেম্বৰ : অসম বিধানসভাৰ বাজেট অধিবেশন(Assam assembly Budget Session)ৰ তৃতীয় দিনা সদনত আক্ৰমণাত্ম(Assam cm reaction in assembly)ক ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা গ'ল অসমৰ সংবাদ মাধ্যমৰ প্ৰসংগ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমৰ মিডিয়াই মোক যিমান চাবোনৰ ধুলাই দিছে পৃথিৱীত কাকো দিয়া নাই । অসমৰ মিডিয়াই মোক বহু অত্যাচাৰ কৰিলে ৷ মোক হত্যাকাৰীও সজালে ৷ বেলেগ মানুহ হোৱা হ'লে ছুইচাইডেই কৰিলে হয় । মই সাহসেৰে আছো ৷
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, অসমৰ মিডিয়াই ক'ভিড(Covid 19 Impact in Assam)ৰ সময়ত বিজ্ঞাপন পোৱা নাই ৷ সেয়েহে মই পীযুষ হাজৰিকাক কৈছিলো মিডিয়াক বিজ্ঞাপন দিবলৈ । বেলেগকৈতো আমি সহায় কৰিব নোৱাৰো । মিডিয়াক সহায় কৰাৰ বাবে আপোনালোকে বেয়া পাব নালাগে ।' বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীকো বহুকেইটা বিষয়ত প্ৰত্যুত্তৰ দিয়ে । অসম চৰকাৰ ঋণত চলি আছে বুলি সততে অভিযোগ কৰা বিধায়ক অখিল গগৈক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
অখিল গগৈৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, সকলোৱে ঋণ লৈ আগুৱাই যাব আৰু অসম কি পিছুৱাই থাকিব, দুখীয়া হৈ থাকিব । ৭০ বছৰত তিনিখন মেডিকেল কলেজৰ পৰা বঢ়াব পৰা নাছিল । আমি উদ্যোগ লৈছো । কেৰালা অনুকৰণীয় ৰাজ্য বুলি সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আমি কেৰালাক অনুকৰণ কৰো । অহা বছৰ ১৮ হাজাৰ কোটি টকা ঋণ ল'ম ৷ তাৰ পিছৰ বছৰত ২২ হাজাৰ কোটি টকা ল'ম । অসমৰ জিডিপি বৃদ্ধি পাইছে । মই মুখ্যমন্ত্ৰী হৈ থকালৈকে ঋণ লৈ যাম আৰু পিছৰ মুখ্যমন্ত্ৰীসকলকো ঋণ ল'বলৈ কম ৷