অসম

assam

ETV Bharat / city

Hijab controversy: মুখমন্ত্ৰীয়ে দিলে সমাজত দুই ধৰণৰ মুছলমানৰ সংজ্ঞা - বিধায়ক জয়ন্তমল্ল বৰুৱা হিজাব বিতৰ্কক লৈ মতামত

সম্প্ৰতি গণতান্ত্ৰিক দেশ এখনত পোছাক পৰিধানক লৈ চলি থকা বিতৰ্ক এতিয়া তুংগত উঠিছে (Hijab Controversy) ৷ সমাজৰ বিশিষ্ট ব্যক্তিসকলেও সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে নিজৰ নিজৰ মত ৷ শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও হিজাবৰ বিতৰ্কক লৈ নিজৰ মতামত আগবঢ়াইছে (CM Himanta Biswa Sarma on hijab row) ৷

cm-himanta-biswa-sarma-on-hijab-row
সমাজত দুই ধৰণৰ মুছলমানৰ সংজ্ঞা মুখমন্ত্ৰীৰ

By

Published : Feb 12, 2022, 9:00 PM IST

গুৱাহাটী, 12 ফেব্ৰুৱাৰী : শেহতীয়াকৈ কৰ্ণাটকৰ হিজাবৰ বিতৰ্ক (Hijab Controversy) ক লৈ সমগ্ৰ দেশতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে । উল্লখ্য যে, কৰ্ণাটকত শিক্ষানুষ্ঠানলৈ বোৰ্খা পৰিধান কৰি অহা ছাত্ৰীক প্ৰৱেশত বাধা দিয়াত এই বোৰ্খা বিতৰ্কৰ সূত্ৰপাত ঘটে ৷ এই হিজাব বিতৰ্কক কেন্দ্ৰ কৰি শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma on hijab row) আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা তথা বিধায়ক জয়ন্তমল্ল বৰুৱা (MLA Jayanta Mallabaruah on hijab row) ই গুৱাহাটীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

সমাজত দুই ধৰণৰ মুছলমানৰ সংজ্ঞা মুখমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, শিক্ষানুষ্ঠানত সাজ-পোছাক ডাঙৰ কথা নহয় । শিক্ষানুষ্ঠানত শিক্ষাহে মূল কথা । হজৰত মহম্মদেও শিক্ষা গ্ৰহণৰ ওপৰতহে বেছি গুৰুত্ব দিছিল । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সমাজত দুই ধৰণৰ মুছলমান আছে । এবিধ মুছলমান কোৰাণ মানি চলা মুছলমান আৰু আনবিধ ৰাজনৈতিক মুছলমান । ৰাজনৈতিক মুছলমানে অকল ৰাজনৈতিক বিতৰ্ক কৰি থাকিব জানে ।

ইপিনে জয়ন্তমল্ল বৰুৱাই কয় যে, হিজাব আৰবীয় সংস্কৃতি । হিজাব অসমৰ খিলঞ্জীয়া মানুহৰ সংস্কৃতি নহয় । গতিকে আমি ইয়াৰ বিৰুদ্ধে সদায় সোচ্চাৰ হৈ থাকিম । লগতে তেওঁ কয় যে, অসমৰ নাৰীক দেৱী হিচাপে সম্মান কৰা হয় । হিজাবৰ দৰে পৰ্দা প্ৰথাৰ আমি সদায় বিৰোধী । এই ক্ষেত্ৰত কোনো দ্বিমত নাই ।

লগতে পঢ়ক :Sonam Kapoor on hijab row:সোনম কাপুৰো সোমাই পৰিল বোৰ্খা বিতৰ্কত

For All Latest Updates

ABOUT THE AUTHOR

...view details