অসম

assam

ETV Bharat / city

বৰাকলৈ অত্যাৱশ্যকীয় সামগ্ৰীঃ কনৰাড চাংমাৰ সহায় বিচাৰিলে সোণোৱালে - CORONA

মেঘালয়ৰ মাজেৰে বৰাক উপত্যকালৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াবৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে বাৰ্তালাপত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

বৰাকলৈ অত্যাৱশ্যকীয় সামগ্ৰীঃ কনৰাড চাংমাৰ সহায় বিচাৰিলে সোণোৱালে
বৰাকলৈ অত্যাৱশ্যকীয় সামগ্ৰীঃ কনৰাড চাংমাৰ সহায় বিচাৰিলে সোণোৱালে

By

Published : Apr 18, 2020, 9:00 AM IST

গুৱাহাটী, ১৭ এপ্ৰিলঃ লকডাউনৰ সময়চোৱাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে ফোনযোগে জৰুৰী বাৰ্তালাপত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বৰাক উপত্যকালৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ সহায় বিছাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা

টেলিফোনযোগে হোৱা এই বাৰ্তালাপত বৰাক উপত্যকালৈ সামগ্ৰী কঢ়িয়াই নিয়া অসমৰ বিভিন্ন বাহনসমূহৰ পৰিবহনৰ ক্ষেত্ৰত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে পৰস্পৰে পৰস্পৰক সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

উল্লেখ্য যে, বৰাক উপত্যকালৈ সামগ্ৰী কঢ়িয়াই নিয়া বাহনসমূহ মেঘালয়ৰ মাজেৰে ৰাওনা হয় । এনে অৱস্থাত বিভিন্ন সময়ত মেঘালয়ত এইসমূহ বাহন বহুটো অসুবিধাত পৰিবলগীয়া হয় । যাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী কনৰাড চাংমাক বিষয়টো গুৰুত্বসহকাৰে ল'বলৈ আহ্বান জনায় । এইক্ষেত্ৰত মেঘালয় চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে অসম চৰকাৰক ।

লগতে পঢ়কঃগোলাঘাটত নৱ নিৰ্মিত চিকিৎসালয় মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details