গুৱাহাটী, ৮ জানুৱাৰী: ৰাজ্যৰ কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থিত মূল্য(Minimum support price)ত ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অগ্ৰগতিৰ সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এফ চি আই, এ এফ চি এছ চি এল, এন এ এফ ই ডি, এন এ চি অ’ এফ, এন চি চি এফ আৰু এ এছ এ এম বিৰ দৰে সংস্থাৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰাজ্যখনৰ কৃষকৰ পৰা ধান ক্ৰয়ৰ বাবে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, কৃষি আৰু ৰাজহ বিভাগক তথা ক্ৰয় কৰা সংস্থাসমূহক যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে (Procurement of paddy in the Assam)।
উল্লেখ্য যে, কৃষকসকলক বিত্তীয় সকাহ দিয়াৰ লগতে ৰাজ্যৰ কৃষি ব্যৱস্থাটোকআৰু অধিক গতিশীল কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থিত মূল্যৰে ১০ লাখ মেট্ৰিকটন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে । বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগ আৰু ধান ক্ৰয় কৰা সংস্থাসমূহে এই ক্ষেত্ৰত লোৱা পদক্ষেপ তথা তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে বুজ লয় ।
মধ্যভোগীৰ পৰিৱৰ্তে পোনপটীয়াকৈ কৃষকসকলে যাতে ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । ধান ক্ৰয়ৰ দিশত এক সঠিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এই দিশত খৰতকীয়া পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে ক্ৰয় পৰ্টেলত কৃষকৰ পঞ্জীয়নৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে পঞ্জীয়নৰ সময়ত কৃষকসকলে যিবোৰ সমস্যাৰ মুখামুখি হৈ আহিছে সেই সমস্যাসমূহ আঁতৰ কৰাৰ বাবেও যথোচিত পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে ।
মুখ্যমন্ত্ৰীয়ে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা তথা কৃষি বিভাগৰ বিষয়াসকলক ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰি এই দিশত কৃষকসকলক সকাহ দিব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । মুখ্যমন্ত্ৰীয়ে ৰাজহ বিভাগৰ বিষয়াসকলক ভূমি সংক্ৰান্তীয় প্ৰমাণপত্ৰ প্ৰদান দ্ৰুততৰ কৰাৰ বাবে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে । যাতে অধিক সংখ্যক কৃষকে এই পৰ্টেলত নাম পঞ্জীয়ন কৰিব পাৰে (Procurement portal Assam) ।