অসম

assam

By

Published : Jan 3, 2021, 7:30 PM IST

ETV Bharat / city

অসমতে ভাষিক সংখ্যালঘুত পৰিনত হ’ব নেকি অসমীয়া ?

2021 বৰ্ষটো অসমবাসীৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বৰ্ষ ৷ ৰাজনৈতিকভাৱে এইটো বৰ্ষত অসম আৰু অসমীয়াই নিৰ্দিষ্ট কৰিব নিজৰ ভৱিষ্যত ৷ এই প্ৰসংগত বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ৷

অসমতে ভাষিক সংখ্যালঘুত পৰিনত হ’ব নেকি অসমীয়া ?
অসমতে ভাষিক সংখ্যালঘুত পৰিনত হ’ব নেকি অসমীয়া ?

গুৱাহাটী, 3 ডিচেম্বৰ :2021 বৰ্ষটো অসমৰ ৰাজনীতিৰ বাবে বিশেষভাবে গুৰুত্বপূৰ্ণ । কিয়নো এই বছৰতে অনুষ্ঠিত হ’ব ৰাজ্যৰ বিধানসভা নিৰ্বাচন । কিন্তু একে সময়তে অসমৰ সমাজ জীৱনৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ 2021 । কাৰণ এই বছৰটো হৈছে লোকপিয়লৰ বছৰ । ফলত স্বাভাৱিকতে সৃষ্টি হৈছে এক আশংকা । এই পিয়লতে অসমীয়া ভাষা অসমতে সংখ্যালঘু হ’ব নেকি ? কিয়নো 2011ৰ পিয়লত অসমত অসমীয়াভাষীৰ সংখ্যা আছিল 48 শতাংশ । ইয়াৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা আছিল 29 শতাংশ ।

29 আৰু 48ৰ মাজত এটা বৃহৎ ব্যৱধান থাকিলেও কিন্তু এইবাৰ অসমীয়া ভাষা মুঠেও বিপদমুক্ত নহয় । এই আশংকা প্ৰকাশ কৰিছে বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ প্ৰশান্ত ৰাজগুৰুৱে । ইটিভি ভাৰতৰ আগত এই আশংকা ব্যক্ত কৰি বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে, 2011ৰ পিয়লত 48 শতাংশ অসমীয়াভাষীৰ ভিতৰত প্ৰায় 29 শতাংশই হৈছে পূৰ্ববংগীয় মুছলমান লোক, যিসকলে অসমীয়াটোক নিজৰ ভাষা বুলি পিয়লত প্ৰকাশ কৰিছিল । ইপিনে অসমৰ বহুকেইটা নৃগোষ্ঠীয় ভাষাই ইতিমধ্যে স্বীকৃতি লাভ কৰিছে । গতিকে সেই নৃগোষ্ঠীয় লোকসকলে নিজৰ ভাষাটোৰ বিকাশৰ বাবে নিশ্চিতভাবে চেষ্টা চলাব আৰু অসমীয়াৰ পৰিৱৰ্তে নিজৰ ভাষাটোকে পিয়লত প্ৰকাশ কৰাৰ সম্ভাৱনা প্ৰৱল ।

অসমতে ভাষিক সংখ্যালঘুত পৰিনত হ’ব নেকি অসমীয়া ?

সেইফালৰ পৰাও অসমীয়া ভাষীৰ সংখ্যা 2021 ৰ পিয়লত হ্ৰাস পালেও আচৰিত হবলগীয়া একো নাথাকিব । গতিকে, কেৱল বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিকভাবে 2021 বছৰটো অসমৰ বাবে গুৰুত্বপূৰ্ণ হোৱাৰ উপৰিও অসমৰ সমাজ জীৱন আৰু অসমীয়া ভাষাৰ অস্তিত্বৰ বাবেও হ’ব অত্যন্ত স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক :বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল

ABOUT THE AUTHOR

...view details