অসম

assam

ETV Bharat / city

অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ - Assam cabinet meeting

উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি মঙলবাৰৰ বৈঠকে দেৱনাগৰী লিপিত বড়াে ভাষাক ৰাজ্যখনৰ সহযােগী চৰকাৰী ভাষা হিচাপে প্ৰৱর্তনৰ বাবে অসমৰ চৰকাৰী ভাষা সংশােধনী বিধেয়ক (পূর্বৰ অধ্যাদেশৰ স্থানত) উত্থাপনত অনুমােদন জনায় ।

assam-cabinet-meeting
অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

By

Published : Dec 22, 2020, 9:45 PM IST

গুৱাহাটী, ২২ ডিচেম্বৰঃ মঙলবাৰে অসম চৰকাৰৰ কেবিনেট কক্ষত অনুষ্ঠিত মন্ত্রী পৰিষদৰ বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয় । উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি আজিৰ বৈঠকে দেৱনাগৰী লিপিত বড়াে ভাষাক ৰাজ্যখনৰ সহযােগী চৰকাৰী ভাষা হিচাপে প্ৰৱর্তনৰ বাবে অসম চৰকাৰী ভাষা সংশােধনী বিধেয়ক (পূর্বৰ অধ্যাদেশৰ স্থানত) উত্থাপনত অনুমােদন জনায়।

অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

অসম মালা প্রকল্প আৰু বহিঃসাহায্যপ্রাপ্ত প্রকল্পসমূহৰ অধীনত ৰাজ্যিক ঘাইপথ আৰু জিলাসমূহৰ প্রধান পথসমূহৰ উন্নীতকৰণৰ বাবে বুজাবুজিৰে মীমাংসাত উপনীত হােৱাৰ মাধ্যমেৰে প্রত্যক্ষ ক্ৰয়ৰ জৰিয়তে ভূমি অধিগ্রহণত মঙলবাৰৰ মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমােদন জনায়। আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে সমাজ কল্যাণ সঞ্চালকালয়ক দ্বিবিভক্ত কৰি ‘মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয় আৰু সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়’ গঠনত অনুমােদন জনায়।

আৰ আই ডি এফৰ অধীনত নাবাৰ্ডৰ পৰা ৯১ কোটি টকাৰ ঋণ গ্রহণত অনুমােদন, সর্বশিক্ষা অভিযানৰ আৰ্হিৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলৰ বাবেও চাকৰিকালীন লাভালাভ (আর্জিত ছুটী, ৬০ বছৰ বয়সলৈকে চাকৰি কাল বৃদ্ধি)ত আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমােদন জনায় ৷ আনহাতে, ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত লাইব্রেৰিয়ানৰ পদ প্রাদেশিকীকৰণৰ বাবে এখন বিধেয়ক উত্থাপনৰ দিশত আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমােদন জনায়।

কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ, মটক স্বায়ত্তশাসিত পৰিষদ আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদ আইন সংশােধনীৰ লগতে বড়াে কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদত গঠনতো কেবিনেটে অনুমােদন জনায় । কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়, কোকৰাঝাৰ আৰু অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়, যােৰহাটৰ চৰকাৰীকৰণ, অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত শিক্ষক হিচাপে কৰ্মৰত চিকিৎসক সকলৰ কেৰিয়াৰ প্রগ্রেশ্বন স্কীম (সহকাৰী অধ্যাপক, সহযােগী অধ্যাপক আৰু অধ্যাপক)খনকো আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে জনালে অনুমােদন ।


লগতে পঢ়ক:বিটিআৰ পৰিষদীয় চৰকাৰ গঠন সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ সংবাদমেল

ABOUT THE AUTHOR

...view details