অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : স্বপ্ন ভংগ জ্যেষ্ঠ নেতাৰ ! - অসম মন্ত্ৰীসভাৰ দুখনকৈ আসন পুৰণ
ভবা কথা নহ'ল সিদ্ধিঃ কাৰ কাৰ আশাত পৰিল চেঁচা পানী ! অৱশেষত বহুদিন ধৰি খালী হৈ থকা অসম মন্ত্ৰীসভাৰ দুখনকৈ আসন পূৰণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অসম মন্ত্ৰীসভাৰ খালী হৈ থকা দুখনকৈ আসনৰ পূৰণ কৰিলে শনিবাৰে ৷
গুৱাহাটী, 18 জানুৱাৰীঃঅৱশেষত পূৰণমন্ত্ৰীসভাৰ খালী হৈ থকা দুখনকৈ আসন ৷ শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূৰণ কৰিলে খালী হৈ থকা দুখনকৈ আসন ৷ কিন্তু মন্ত্ৰীত্ব পাম বুলি আশাপালি থকা বহুকেইগৰাকী বিধায়কৰ বাবে শনিবাৰৰ দিনটো বৰ বেছি সুখদায়ক নহ'ল ৷ আচলতে মন্ত্ৰীসভাত খালী হৈ আছিল মুঠ তিনিখন আসন, কিন্তু আজি তাৰ দুখনকৈ আসনহে পূৰণ কৰা হয় ৷ মন্ত্ৰীত্বৰ আশাপালি থকা তালিকাখনত আছিল প্ৰশান্ত ফুকন, পদ্ম হাজৰিকা, ঋতুপৰ্ণ বৰুৱা, আঙুৰলতা ডেকা, শিলাদিত্য দেৱ, তেৰছ গোৱালা, বিমল বৰাকে ধৰি বহুকেইখন মুখ ৷ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰো নাম আছিল তালিকাখনত ৷ অৱশেষত সকলোৰে আশাত চেঁচাপানী ঢালি শেষ মূহুৰ্তত দলীয় সমীকৰণৰ সাল-সলনি ঘটাই মন্ত্ৰীত্ব প্ৰদান কৰা হয় যোগেন মহন আৰু সঞ্জয় কিষাণক ৷