অসম

assam

ETV Bharat / city

অসম বাজেট 2020-21 : থোৰতে পথ যোগাযোগ আৰু যাতায়ত - বিত্তমন্ত্ৰী হিমন্তৰ বাজেট 2020-21

সদনত আজি উত্থাপন কৰা হয় 2020-21 বিত্তীয় বৰ্ষৰ বাজেট ৷ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধূতি-পাঞ্জাৱী পৰিধান কৰি সদনত উত্থাপন কৰে বিত্তীয় বাজেট ৷ চলিত বাজেটত পথ যোগাযোগ আৰু যাতায়ত খণ্ডক লৈ কেবাটাও গুৰুত্ব পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ আছে ৷ চলিত বাজেটত পথ যোগাযোগ আৰু যাতায়ত খণ্ডৰ বাবে গড়কাপ্তানী (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ, গড়কাপ্তানী (পথ) বিভাগ আৰু পৰিবহন বিভাগৰ বাবে আবণ্টন দিয়া হৈছে সৰ্বমুঠ 10,289 কোটি টকা ৷

অসম বাজেট 2020-21 : থোৰতে পথ যোগাযোগ আৰু যাতায়ত
অসম বাজেট 2020-21 : থোৰতে পথ যোগাযোগ আৰু যাতায়ত

By

Published : Mar 6, 2020, 4:28 PM IST

নিউজ ডেস্ক, 6 মাৰ্চ :ৰাজ্য চৰকাৰে পথ যোগাযোগ আৰু যাতায়ত খণ্ডৰ বাবে বহুকেইটা ব্যৱস্থা গ্ৰহণ কৰে ৷ সদনত উত্থাপন কৰা বাজেটত গড়কাপ্তানী (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ, গড়কাপ্তানী (পথ) বিভাগ আৰু পৰিবহন বিভাগৰ বাবে আবণ্টন দিয়া হৈছে সৰ্বমুঠ 10,289 কোটি টকা ৷ 2016 চনৰ পৰা 2020 চনৰ সময়ছোৱাত ৰাজ্যত কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰা পথৰ অতিৰিক্তকৈ 14,006 কিলোমিটাৰ অতিৰিক্ত পথ নিৰ্মাণ কৰা হৈছে ৷ বিগত চাৰি বছৰত 335খন কাঠৰ দলং পকী কৰাৰ লগতে 220খন নতুন দলং নিৰ্মাণ হৈছে ৷ পথ যোগাযোগৰ সমানকৈ মোবাইল নেটৱৰ্কৰ ক্ষেত্ৰত 2019চনত 2.3 কোটি গ্ৰাহক হৈছে ৷ 2019 চনত অসমত ফোন ঘনত্ব 68.81 শতাংশলৈ বৃদ্ধি কৰিছে ৷ বৰ্তমানে অসমত ইন্টাৰনেট গ্ৰাহকৰ সংখ্যা হৈছে 1.15 কোটি ৷ একেদৰেই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা (গ্ৰাম্য)ৰ অধীনত চাৰি বছৰত প্ৰায় 5.19 লাখ গৃহ নিৰ্মাণ হৈছে ৷ 2018-19 বিত্তীয় বৰ্ষত দৈনিক 397 টাকৈ গৃহ নিৰ্মাণ হৈছে ৷ চলিত বিত্তীয় বৰ্ষৰ বাজেটত চুবুৰী পকী পথ আঁচনিৰ অধীনত 200 কিলোমিটাৰ পথ নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে ইয়াৰ বাবে 40 কোটি টকা আবণ্টন দিয়ে ৷

2020-21 বিত্তীয় বৰ্ষত গড়কাপ্তানী (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ) বিভাগৰ অধীনত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত নতুন প্ৰযুক্তিৰে Subgrade উন্নীতকৰণৰ কাম আৰম্ভৰ সিদ্ধান্ত ৷ চলিত বিত্তীয় বৰ্ষত তেজপুৰ মিছন চাৰিআলিত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয় ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গুৱাহাটী বাইপাছৰ বশিষ্ঠ চাৰিআলি, লখৰা, গড়চুক, বৰাগাঁৱ, বাইহাটা বাইপাছৰ উভয় দিশত, পাঠশালা, বৰপেটা ৰোডৰ শিমলাগুৰি, বঙাইগাঁৱৰ চাপাগুৰি, বিআৰপিএল ৰিফাইনেৰী, ৰহা, ডিমৌ, নগাঁৱৰ ওচৰৰ বৰঘাট আৰু ডবকাৰ ওচৰৰ কঠীয়াতলীত মুঠ 14 খন ফ্লাইঅ'ভাৰ তথা জাগীৰোডত এখন ৰেল অ'ভাৰব্ৰীজ নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ চলিত বিত্তীয় বৰ্ষত ব্ৰহ্মপুত্ৰ ওপৰত ধুবুৰী-ফুলবাৰী দলং, গহপুৰ-নুমলীগড় দলং, কমলাবাৰী-নিমাতীঘাট দলং, মৰিগাঁও-কৌপাটী দলং নামে চাৰিখন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷

গড়কাপ্তানী (পথ) বিভাগৰ অধীনত গুৱাহাটীৰ যান-জঁটৰ সমস্যা হ্ৰাস কৰিবলৈ গণেশগুৰি, ছুপাৰমাৰ্কেট আৰু মালিগাঁও চাৰিআলিত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম অভিযান আকাৰে আৰম্ভ কৰাৰ লগতে কামাখ্যা মন্দিৰলৈ যোৱা বিকল্প পথ এটা সাজু কৰি তোলাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷

পৰিবহণ বিভাগৰ অধীনত বিশ্ববেংকৰ সাহাৰ্যপ্ৰাপ্ত 'অসম আভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্প' ৰূপায়ন ৷ ইয়াৰ অধীনত ব্ৰহ্মপুত্ৰত চলাচল কৰা নাও-জাহাজসমূহ ৰিয়েল টাইম মনিটৰিঙৰ বাবে এটা সংহত নিয়ন্ত্ৰণ কক্ষৰ সৈতে এক বিস্তৃত 'ৰিভাৰ ইনফৰ্মেছন ছীষ্টেম' স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত জীৱনডিঙা নামৰ আঁচনি ৰূপায়ন ৷ নগৰীকৰণ আঁচনিৰ অধীনত উদ্য়মী যুৱক, ক্ষুদ্ৰ ব্যৱসায় আৰু আত্মসহায়ক গোটক পৰিবহণ উদ্যোগ আৰু এএছটিছিত অংশগ্ৰহণ কৰিবলৈ উৎসাহ যোগোৱাৰ লগতে Faster Adoption and Manufacturing of Hybrid & Electric Vehicle (FAME-I) আঁচনিৰ অধীনত প্ৰদূষণমুক্ত ইলেক্ট্ৰিক্ বাছৰ চলাচল আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

...view details