নিউজ ডেস্ক, 6 মাৰ্চ :শক্তিখণ্ডৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ 100 শতাংশ ঘৰ-গৃহস্থী আৰু 100 শতাংশ গাঁৱলৈ বিদ্যুৎ যোগান ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি দাবী কৰিছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিগত চাৰি বছৰত বিদ্যুৎ যোগান বিভাগে 17,033 চাৰ্কিট কিলোমিটাৰ 11 কেভি লাইন আৰু 39,629 চাৰ্কিট কিলোমিটাৰ এলটি লাইন যোগ দিয়া হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি স্থাপন কৰা হৈছে 28,437 টা নতুন ট্ৰান্সফৰ্মাৰ ৷ জ্যোতিষ্মমান অসম আঁচনিৰ দ্বাৰা মাহিলী 30 ইউনিট পৰ্যন্ত বিজুলী শক্তি ব্যৱহাৰ কৰা পৰিয়াল সমূহলৈ বিনামূলীয়া বিজুলী যোগানৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে ৷ ইয়াৰ বাবে ব্যয় হ'ব প্ৰায় 250 কোটি টকা ৷ বিদ্যৎ মাচুল ব্যয়সাধ্য কৰি ৰখাৰ বাবে এ পি ডি চি এললৈ 300 কোটি টকা আগবঢ়াইছে চৰকাৰে ৷ বিদ্যুৎ সংযোগৰ 'ক' শাখাৰ 38 লাখ গ্ৰাহকলৈ ৰাজসাহায্য অব্যহত থাকিব ৷ মাহিলী 120 ইউনিটলৈ প্ৰতি ইউনিটত 1.01 টকা হাৰত দিয়া হ'ব ৰাজ সাহায্য ৷
2020-21 বৰ্ষৰ বাজেটত 2498 কোটি টকাৰ লগতে অতিৰিক্তভাৱে 935 কোটি টকা আৱন্টন দিয়া হৈছে শক্তিখণ্ডৰ বাবে ৷