অসম

assam

ETV Bharat / city

অসম বাজেট 2020-21 : থোৰতে নিয়োগখণ্ড - অসম বাজেট 2020-21 : থোৰতে নিয়োগখণ্ড

অসমৰ বিজেপি চৰকাৰে তেওঁলোকৰ শাসনকালৰ অন্তিমখন বাজেট সদনত দাখিল কৰে ৷ বাজেট দাখিল কৰে অসমৰ বিত্তমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৷ ৰাজ্যৰ নিয়োগখণ্ডত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷

অসম বাজেট 2020-21 : থোৰতে নিয়োগখণ্ড
অসম বাজেট 2020-21 : থোৰতে নিয়োগখণ্ড

By

Published : Mar 7, 2020, 9:13 PM IST

নিউজ ডেস্ক, 6 মাৰ্চ : ৰাজ্য চৰকাৰে নিয়োগখণ্ডৰ বাবে গ্ৰহণ কৰিছে বহুকেইটা পদক্ষেপ ৷ ইয়াৰ ভিতৰত কৌশলী বিকাশ যোজনাকে ধৰি অন্যান্য কাৰ্যসূচীসমূহ অন্তৰ্ভূক্ত হৈ আছে ৷ বিগত চাৰি বছৰত চৰকাৰে ৰাজ্যৰ 1,88,558 গৰাকী যৱক-যুৱতীলৈ বিভিন্ন প্ৰশিক্ষণ আগবঢ়াইছে আৰু তাৰ ভিতৰত 82,608 গৰাকীয়ে বিভিন্ন ধৰণে নিযুক্তি লাভ কৰিছে ৷

নিৰ্মাণ, চাহ খেতি, হস্ততাঁত আৰু বস্ত্ৰ উৎপাদন, কৃষি আৰু সহযোগী খণ্ডসমূহত প্ৰায় 2 লাখ যুৱক-যুৱতীক উন্নত প্ৰশিক্ষণ আগবঢ়োৱা হৈছে ৷ 2016ৰ পৰা বৰ্তমানলৈ 38,000গৰাকী যুৱক-যুৱতীলৈ স্থায়ী চৰকাৰী নিযুক্তি প্ৰদান কৰিছে চৰকাৰে ৷ 2020-21 বিত্তীয় বৰ্ষত অতিৰিক্ত 55,000 হাজাৰ যুৱক-যুৱতীলৈ চৰকাৰী নিযুক্তি প্ৰদান কৰিব চৰকাৰে ৷ ইয়াৰ উপৰিও চৰকাৰী সংস্থাত 35,000 হাজাৰ যুৱক-যুৱতীক ঠিকাভিত্তিক নিযুক্তি প্ৰদান কৰিছে চৰকাৰে ৷

সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া তথা বৃহৎ উদ্যোগত মুঠ 2,34,932 গৰাকী যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিছে ৷ 2016ৰ পৰা 2019ৰ ভিতৰত ৰাজ্যত 12.76 লাখ সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ গঢ়ি উঠিছে ৷ ইয়াক সামৰি ৰাজ্যত 16 লাখ প্ৰত্যক্ষ অথবা পৰোক্ষ নিয়োজনৰ সুযোগ সৃষ্টি হৈছে ৷ ইয়াৰ উপৰিও দিব্যাংগসকলৰ বাবে দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ জৰিয়তে 10 শতাংশ দিব্যাংগ লোকক সামৰি ল'ব চৰকাৰে ৷ ইয়াৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে 165 কোটি টকা ৷ শ্ৰমিক কল্যাণ বিভাগৰ অধীনত 27 খন কল্যাণ বিধিৰে শ্ৰমিকসকলৰ সামগ্ৰিক বিকাশত অধিক গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে ৷ চলিত বিত্তীয় বৰ্ষত বিভাগটোৰ বাবে 95 কোটি টকা ধাৰ্য কৰা হৈছে ৷ দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন, 2016ৰ অধীনত চৰকাৰী চাকৰি আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহত অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে 10 শতাংশ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ৷

চৰকাৰে দক্ষতাসম্পন্ন মানৱ সম্পদ গঢ়ি তোলাৰ বাবে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ (SEED) গঠন কৰিছে ৷ অসম দক্ষতা বিকাশ মিছনৰ অধীনত জাপানত নিয়োগ লাভৰ বাবে 180 গৰাকী যুৱক-যুৱতীক জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ বাবে 2020-21 বৰ্ষৰ বাজেটত মই 158 কোটি টকা আবণ্টন দিয়া হৈছে ৷

ABOUT THE AUTHOR

...view details