অসম

assam

ETV Bharat / city

অসম বাজেট 2020-21 : থোৰতে শিক্ষাখণ্ড - অসমত বিজেপি চৰকাৰৰ শেষৰখন বাজেট

সদনত আজি উত্থাপন কৰা হয় 2020-21 বিত্তীয় বৰ্ষৰ বাজেট ৷ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধূতি-পাঞ্জাৱী পৰিধান কৰি সদনত উত্থাপন কৰে বিত্তীয় বাজেট ৷ চলিত বাজেটত শিক্ষাখণ্ডক লৈ কেবাটাও গুৰুত্ব পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ আছে ৷

অসম বাজেট 2020-21 : থোৰতে শিক্ষাখণ্ড
অসম বাজেট 2020-21 : থোৰতে শিক্ষাখণ্ড

By

Published : Mar 6, 2020, 5:13 PM IST

নিউজ ডেস্ক, 6 মাৰ্চ :শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে অসম চৰকাৰে কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ৷ সকলোৰে বাবে শিক্ষা অধিক সহজলভ্য আৰু সুলভ কৰি তোলাত বিশে, গুৰুত্ব আৰোপ কৰিছে চৰকাৰে ৷ নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ মুঠ 13 লাখ শিক্ষাৰ্থীৰ মাজত 1.34 কোটি খন পাঠ্যপুথি বিতৰণ কৰিছে চৰকাৰে ৷ সমাজৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ 1,16,191 গৰাকী শিক্ষাৰ্থীক নামভৰ্তি আৰু শিক্ষাদান মাছুল ৰেহাই দিয়া হৈছে ৷ 2019-20 বিত্তীয় বৰ্ষত 2,17,017 গৰাকী শিক্ষাৰ্থীক বিনামূলীয়া চাইকেল প্ৰদান কৰিছে চৰকাৰে ৷

ৰাজ্য় চৰকাৰে চলিত বাজেটত প্ৰাথমিক শিক্ষাখণ্ডত আবণ্টন দিছে 8794 কোটি টকা ৷ প্ৰাথমিক শিক্ষা বিভাগে দীক্ষা নামে এটা প'ৰ্টেল সৃষ্টি কৰিছে ৷ ইয়াৰ সহায়ত পাঠ্যপুথিসমূহ ডিজিটেল কৰি শিক্ষাদান প্ৰক্ৰিয়াটো অধিক সহজ কৰি তোলা হৈছে ৷ 4খনকৈ নতুন ডায়েট (Diet)ৰ বাবে 192টা ৰাজপত্ৰিত আৰু অৰাজপত্ৰিত পদ সৃষ্টিৰ লগতে মাজুলীৰ CTEৰ বাবে পদ সৃষ্টি কৰিবলৈ লোৱা হৈছে ৷ হোজাই, শোণিতপুৰ, শিৱসাগৰ, পশ্চিম কাৰ্বি আংলং, দক্ষিণ শালমাৰা আৰু মানকাচৰত 2020-21 বৰ্ষত নতুন ডায়েট স্থাপনৰ কাম আৰম্ভ কৰিব চৰকাৰে ৷ কাৰ্বি আংলং, বঙাইগাঁও, বাক্সা, নলবাৰী, কামৰূপ (গ্ৰাম্য), মৰিগাঁও, ডিমা হাছাও, শিৱসাগৰ, বিশ্বনাথ আৰু লখিমপুৰত 10খনকৈ বি-এড মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম চলি আছে ৷ 2020-21 বৰ্ষত এইকেইখন মহাবিদ্যালয়ৰ বাবে 390টা পদ পূৰণ কৰি তোলা হ'ব ৷

মাধ্যমিক শিক্ষা বিভাগৰ বাবে 5081 কোটি টকা আবণ্টন দিয়া হৈছে 2020-21 বিত্তীয় বৰ্ষৰ বাজেটত ৷ ইয়াৰ অধীনত 81টা শৈক্ষিকভাৱে অনগ্ৰসৰ খণ্ডত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়-4ৰ্থৰ অধীনত বিদ্যালয় নিৰ্মাণৰ কাম হাতত লৈছে চৰকাৰে ৷ শৈক্ষিকভাৱে অনগ্ৰসৰ 46টা খণ্ডত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত 20খনকৈ আদৰ্শ বিদ্যালয় কাৰ্যক্ষম হৈ উঠিছে ৷ 15খন আদৰ্শ বিদ্যালয় আৰু 68খন মাধ্যমিক বিদ্যালয়ত 102টা স্মাৰ্ট শ্ৰেণীকোঠা প্ৰৱৰ্তন কৰা হৈছে ৷ 20,000 টকাৰ নিৰ্ধাৰিত দৰমহাত কাম কৰি থকা 5,300 গৰাকী হাইস্কুল শিক্ষকক অন্যান্য সুবিধাৰ সৈতে নিয়মীয়া দৰমহা গাঁথনি প্ৰদান কৰিব চৰকাৰে ৷ সৰ্বশিক্ষাৰ অধীনত কাম কৰি থকা 12,000গৰাকী ৰাজ্যিক পুল শিক্ষক আৰু 42,000 ঠিকাভিত্তিক শিক্ষকৰ বাবেও একেই সুবিধা প্ৰদান কৰিব চৰকাৰে ৷ মাধ্যমিক শিক্ষকৰ বাবে অনুষ্ঠিত কৰা শিক্ষকৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষাৰ পিচতে খালী হৈ থকা শিক্ষকৰ পদসমূহ 2020-21 বৰ্ষত পূৰণ কৰিব পৰা যাব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে ৷ ৰাজ্যৰ ব্যক্তিগত মাদ্ৰাছাসমূহত ধৰ্মৰ বাহিৰেও অন্যান্য সাধাৰণ বিষয় পঢ়োৱাৰ বাবে এখন আইন অনা হ'ব ৷

উচ্চ শিক্ষা বিভাগৰ বাবে 2512 কোটি টকা আবণ্টন দিয়া হৈছে ৷ বিভাগৰ অধীনৰ 302খন মহাবিদ্যালয়লৈ শিক্ষামূলক ভ্ৰমণ অনুদান হিচাপে 1 লাখকৈ আৰু ছাত্ৰীৰ জিৰণি কোঠাৰ বাবে 1 লাখকৈ মুঠ 3.02 কোটি টকা মোকলাই দিছে ৷ 2020-21 বৰ্ষটো ইয়াক অব্যাহত ৰাখিব চৰকাৰে ৷ 2020-21 বৰ্ষত সংখ্যালঘু সম্প্ৰদায়ৰ 8,000 শিক্ষাৰ্থীৰ বাবে জলপানিৰ ব্যৱস্থা কৰিব চৰকাৰে ৷ দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহত শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ বাবে বাজেটত 5 কোটি টকা ধাৰ্য কৰা হৈছে ৷ ৰাজ্যৰ চাৰিখন নতুন বিশ্ববিদ্যালয় ক্ৰমে, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ত আগন্তুক দুই-তিনিমাহৰ ভিতৰত আৱশ্যকীয় অধ্যাপকৰ পদসমূহ সৃষ্টি কৰা হ'ব ৷

কাৰিকৰী শিক্ষা বিভাগৰ বাবে ৰাজ্য চৰকাৰে 392 কোটি টকা আবণ্টন দিছে ৷ 2011-12 বৰ্ষত ঘোষণা কৰা 21খন প'লিটেকনিকৰ ভিতৰত 11 খনৰ কাম আৰম্ভ হৈছে আৰু আন 5 খনত 2020-21 বৰ্ষৰ পৰা শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ কৰিমগঞ্জ আৰু গোলাঘাটত দুখন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম আৰম্ভ কৰাৰ লগতে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাঠদান 2020-21 শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ'ব ৷ বঙাইগাঁও, বিহালী আৰু শুৱালকুছিতো তিনিখন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰিবলৈ লোৱা হৈছে আৰু হাজো, মাজুলী আৰু টিংখঙত তিনিখন নতুন প'লিটেকনিকৰ নিৰ্মাণকাৰ্য অতি সোণকালে আৰম্ভ হ'ব ৷ Overseas Internship Programeৰ অধীনত আমেৰিকা আৰু ইংলেণ্ডৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহত স্নাতক পৰ্যায়ৰ তলৰ 25 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ৷

ABOUT THE AUTHOR

...view details