নিউজ ডেস্ক, 6 মাৰ্চ : 2018 বৰ্ষত কৃষক ঋণ ৰাজ সাহায্য আঁচনিৰ দ্বাৰা কৃষি ঋণৰ তৎকালীন পৰিশোধৰ বাবে 25 শতাংশ ৰাজ সাহায্যৰ ব্যৱস্থা কৰিচিল চৰকাৰে ৷ এই ক্ষেত্ৰত ৰাজসাহায্যৰ সৰ্বোচ্চ সীমা 25হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে আৰু 2019 চনৰ ডিচেম্বৰ পৰ্যন্ত 1,15,302 গৰাকী কৃষক ইয়াৰ দ্বাৰা উপকৃত হৈছে ৷ আনহাতে শস্য ঋণৰ ক্ষেত্ৰতো 3 শতাংশ সুদ ৰেহাই আঁচনিত হিতাধিকাৰীৰ সংখ্যা 1,01,634 ৰপৰা বৃদ্ধি হৈ 2,97,587 গৰাকী হৈছেগৈ ৷ তাৰোপৰি কৃষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে 67,452 গৰাকী কৃষকক দহ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে ৷ এই প্ৰচেষ্টাই ধান উৎপাদনৰ ক্ষেত্ৰটো সহায় আগবঢ়াইছে ৷ 2018-19 বৰ্ষত মুঠ ধান উৎপাদনৰ পৰিমাণ হৈছে 89.29 লাখ মেট্ৰিক টন৷ প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ অধীনত 27 লাখ কৃষকে অনুদান লাভ কৰিছে ৷ ইয়াৰ বাবে ব্যয় হৈছে 1609 কোটি টকা ৷ মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলিৰ অধীনত প্ৰায় 250 কোটি টকা মোকলাই দিয়া হৈছে ৷ ইয়াৰ দ্বাৰা 5 লাখ কৃষকে প্ৰত্যেকেই 5 হাজাৰকৈ টকা পাব ৷ 2020 চনৰ 31 মাৰ্চৰ ভিতৰত 6 লাখ কৃষকলৈ 300 কোটি টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে ৷
অসম চৰকাৰে 2020 চনৰ ভিতৰত কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কৃষিখণ্ডত নতুনত্বৰ সঞ্চাৰ কৰিবলৈ 'ভূমি স্বাস্থ্য পৰ্ণিকা'ৰ প্ৰৱৰ্তন কৰা হৈছে ৷ 2019-20 বৰ্ষত মুঠ 25,27,830 খন পৰ্ণিকা প্ৰদান কৰা হৈছে আৰু আন 3.5 লাখ খন পৰ্ণিকা 2020-21 বৰ্ষত প্ৰদানৰ দিহা কৰিছে চৰকাৰে ৷
2019 বৰ্ষত খাৰিফ শস্যৰ বতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত 1,90,905 গৰাকী কৃষক আৰু 1,18,536.8 হেক্টৰ ভূমি সামৰি লোৱা হৈছিল ৷ আনহাতে, 2019-20 বৰ্ষত ৰবি শস্যৰ বতৰত 11,450 গৰাকী কৃষক আৰু 9,451.84 হেক্টৰ ভূমি এই যোজনাত সামৰি লোৱা হৈছে ৷ এই আঁচনিৰ অধীনত 5 লাখ কৃষকক সামৰি লোৱাৰ পৰিকল্পনা কৰিছে চৰকাৰে ৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত 701 কোটি টকা মূলধনী ৰাজ সাহায্যসহ 11,426 খন ট্ৰেক্টৰ বিতৰণ কৰিছে চৰকাৰে ৷ ইয়াৰ দ্বাৰা উপকৃত হৈছে 2,24,470 গৰাকী কৃষক ৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত 2020-21 বিত্তীয় বৰ্ষত 8550 খন অতিৰিক্ত ট্ৰেক্টৰ 23,000খন ৰাজহ গাঁৱত বিতৰণ কৰা হ'ব ৷