অসম

assam

ETV Bharat / city

এইবাৰ অসম আয়ুৰ্বেদিক প্ৰডাক্টচক ব্যক্তিগতকৰণৰ যো-জা চৰকাৰৰ

বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ৰাজ্যৰ ৰাজহুৱা খণ্ডসমূহলৈ নামি আহিছে বিপদঘন্টা । ৰাজ্যৰ এটাৰ পিছত আন এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণ কৰিব বিচৰা কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে । শেহতীয়াকৈ ব্যক্তিগতকৰণৰ দিশে আগবাঢ়িছে গুৱাহাটীৰ বামুণীমৈদামস্থিত উত্তৰ পূৱৰ একমাত্ৰ আয়ুৰ্বেদিক প্ৰতিষ্ঠান অসম আয়ুৰ্বেদিক প্ৰডাক্টচক ।

By

Published : Oct 23, 2021, 10:31 PM IST

assam-ayurvedic-product-story
এইবাৰ অসম আয়ুৰ্বেদিক প্ৰডাক্টচক ব্যক্তিগতকৰণ যো-জা চৰকাৰৰ

গুৱাহাটী, ২৩ অক্টোবৰ :উত্তৰ পূৱৰ একমাত্ৰ আয়ুৰ্বেদিক প্ৰতিষ্ঠান অসম আয়ুৰ্বেদিক প্ৰডাক্টচক প্ৰতিষ্ঠানটোক ৰামদেৱৰ পতঞ্জলিক অৰ্পণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে । চৰকাৰৰ এনে প্ৰদক্ষেপত ক্ষুব্ধ হৈ পৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সন্থা । কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক নিলম হাজৰিকাই ই টি ভি ভাৰতৰ আগত কয় যে, অসম আয়ুৰ্বেদিক প্ৰডাক্টছ বিক্ৰী কৰাৰ যো-জা কৰা বুলি সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে জানিবলৈ পাৰে । অৱশ্যে এই বিষয়ত বৰ্তমানলৈ কৰ্মচাৰী সন্থাক অন্ধকাৰত ৰখা হৈছে ।

প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকল বৰ্তমান শংকাত দিন অতিবাহিত কৰিছে ৷ প্ৰতিষ্ঠানটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৩-৪ হাজাৰ লোক বহুদিন ধৰি জড়িত হৈ আছে । প্ৰতিষ্ঠানটো পতঞ্জলিক গটালে তেওঁলোকৰ কি হ’ব, তেওঁলোক কেনেদৰে সুৰক্ষিত হ’ব । আদি হাজাৰ প্ৰশ্নই জুমুৰি মাৰি ধৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলক । ২৪ ছেপ্টেম্বৰত প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰিছিল পতঞ্জলি কৰ্তৃপক্ষই । ইয়াৰ পিছত প্ৰতিষ্ঠানটোৰ উচ্চ পদস্থ কৰ্তৃপক্ষক এই বিষয়ে তেওঁলোকে সুধিছিল যদিও সেই বিষয়ে একো নজনালে কৰ্তৃপক্ষই । কৰ্মচাৰী সন্থাৰ লগতো তেওঁলোকৰ এই বিষয়ে কোনোধৰণৰ আলোচনা কৰা হোৱা নাই ।

এইবাৰ অসম আয়ুৰ্বেদিক প্ৰডাক্টচক ব্যক্তিগতকৰণ যো-জা চৰকাৰৰ

উল্লেখ্য যে, ৯ আগষ্টত হোৱা বৰ্ড মিটিঙত প্ৰতিষ্ঠানটো পি পি পি মুডত ব্যক্তিগত খণ্ডক অৰ্পণৰ সিন্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে । কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক নিলম হাজৰিকাই এই ব্যক্তিগতকৰণৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত ৰাজ্যৰ দল সংগঠনকলৈ তীব্ৰ বিৰোধিতা কৰাৰ হুংকাৰ দিয়ে ৷ তেওঁ লগতে কয় যে প্ৰতিষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে । চৰকাৰে প্ৰতিষ্ঠানটোৰ বাবে সা-সুবিধা কৰি দিছিল যদিও কৰ্মচাৰীৰ অভাৱত বিভিন্ন ধৰণৰ মেচিন পৰি ৰৈছে । উত্তৰ পূৱৰ একমাত্ৰ থলুৱা এই প্ৰতিষ্ঠানটো ১৯৬৭ চনতে প্ৰতিষ্ঠা কৰা হৈছিল । পূৰ্বতে ইয়াত প্ৰায় ৭০ গৰাকী কৰ্মচাৰী আছিল যদিও বৰ্তমান স্থায়ী-অস্থায়ী ১৭ গৰাকী কৰ্মচাৰীহে আছে । নতুনকৈ কোনো লোকক নিযুক্তি দিয়া হোৱা নাই ।

লগতে পঢ়ক :ভৱানীপুৰত ফনীধৰৰ হৈ উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অভিনেতা যতীন বৰা

কৰ্মচাৰী কমি যোৱাৰ ফলত পূৰ্বতে ২৩০ টা বিভিন্ন প্ৰকাৰ আয়ুৰ্বেদিক ঔষধ উৎপাদন হোৱা প্ৰতিষ্ঠানটোত বৰ্তমান ১১৪ বিধ ঔষধৰ উৎপাদন হৈ আছে । তদুপৰি ৭ বছৰ ধৰি স্বৰ্ণঘটিত ঔষধৰ উৎপাদন বন্ধ হৈ আছে । সেইবোৰ ঔষধৰ চাহিদা বজাৰত অধিক আছিল বুলি নিলম হাজৰিকাই জানিবলৈ দিয়ে । ইয়াৰ উপৰি কৰ’ণাৰ পিছত ঔষধৰ বিক্ৰী ৫০শতাংশ হ্ৰাস পাইছে । এই ক্ষেত্ৰত প্ৰতিষ্ঠানটোলৈ চৰকাৰৰ আৰ্থিক সাহাৰ্য আগবঢ়োৱা নাই বুলিও অভিযোগ কৰে নিলম হাজৰিকাই । তেওঁ লগতে আয়ুষে সহযোগ কৰাৰ লগতে সঠিকভাৱে প্ৰতিষ্ঠানটো পৰিচালনা হ’লে এই অৱস্থা নহ’লহেঁতেন বুলি উল্লেখ কৰে । আয়ুষে থলুৱা প্ৰতিষ্ঠানটোৰ পৰা ঔষধ ক্ৰয় নকৰি বিভিন্ন ধৰণৰ কোম্পানীৰ পৰা ক্ৰয় কৰা বুলিও অভিযোগ কৰে কৰ্মচাৰীসকলে ।

কৰ্মচাৰীসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী হোৱাত প্ৰতিষ্ঠানটো উন্নত হ’ব বুলি আশা কৰিছিল যদিও সোণোৱাল কেন্দ্ৰিয় আয়ুষ মন্ত্ৰী হোৱাৰ সময়ত অসমৰ থলুৱা প্ৰতিষ্ঠানটো পতঞ্জলিক হস্তান্তৰৰ যো-জা কৰা সিদ্ধান্ত উচিত নহয় বুলিও কৰ্মচাৰীসকলে ক্ষোভ প্ৰকাশ কৰে । লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এবাৰ প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় কৰ্মচাৰীসকলে ।

লগতে পঢ়ক :উন্নয়নৰ আশ্বাস দি তামুলপুৰত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details