গুৱাহাটী, ২৭ নৱেম্বৰঃবৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিবেশন। 28 নৱেম্বৰৰ পৰা 6 ডিচেম্বৰলৈকে চলিব লগীয়া এই অধিবেশনৰ প্ৰথম দিনটোতে শপতগ্ৰহণ কৰিব বিগত উপ নিৰ্বাচনত চাৰিটা সমষ্টিৰ পৰা জয়ী হৈ অহা চাৰিগৰাকী নৱ নিৰ্বাচিত বিধায়কে। তেওঁলোক হৈছে ক্ৰমে জনিয়া সমষ্টিৰ ৰফিকুল ইছলাম,সোণাৰিৰ নৱনীতা সন্দিকৈ,ৰাতাবাৰীৰ বিজয় মালাকাৰআৰু ৰঙাপাৰাৰ ৰাজেন বৰঠাকুৰ ।
28 নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন লগতে পঢ়কঃ এন.আৰ.চি সন্দৰ্ভত ৱাজেদ আলী চৌধুৰীৰ সকীয়নি
বিধানসভাৰ এই শীতকালীন অধিবেশনত উত্থাপিত হ'ব ছখনকৈ বিধেয়ক । ইয়াৰে বেছিভাগেই সংশোধনী বিধেয়ক হিচাপে সদনত উত্থাপিত হ'ব ৷ তেনেই কম সময়ৰ বাবে অনুষ্ঠিত হ'ব লগীয়া এই শীতকালীন অধিবেশনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিধানসভা সচিবালয়ে ৷
লগতে পঢ়কঃ মহানগৰীৰ পদপথত কুকুৰৰ বাবে আশ্ৰয়গৃহ
আনহাতে, বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই জনোৱা মতে যদিওবা এই অধিবেশনত ছখনকৈ বিধেয়ক উত্থাপন হোৱাৰ কথা,কিন্তু বৰ্তমানলৈকে এখন বিধেয়কৰ জাননীহে বিধানসভা সচিবালয়ে লাভ কৰিছে।