অসম

assam

ETV Bharat / city

বিধানসভাৰ মজিয়াত শুই পৰিল কংগ্ৰেছী - নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল সদন

‘কেব’ প্ৰসংগ উত্থাপন কৰি সদনৰ মজিয়াত উত্তাল প্ৰতিবাদ বিৰোধীপক্ষ কংগ্ৰেছ-এ আই ইউ ডি এফৰ ৷ শীতকালীন অধিবেশনৰ প্ৰথম দিনাই সদন ত্যাগ বিৰোধী বিধায়কৰ ৷

শীতকালীন অধিবেশনৰ প্ৰথম দিনাই উত্তপ্ত পৰিস্থিতি বিৰোধীৰ
শীতকালীন অধিবেশনৰ প্ৰথম দিনাই উত্তপ্ত পৰিস্থিতি বিৰোধীৰ

By

Published : Nov 28, 2019, 12:48 PM IST

গুৱাহাটী, 28 নৱেম্বৰ: 28 নৱেম্বৰৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন ৷ 6 ডিচেম্বৰলৈকে চলিবলগীয়া শীতকালীন অধিবেশনৰ প্ৰথম দিনাই সদন ত্যাগ বিৰোধীৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰসংগক লৈ সদনত উত্তাল প্ৰতিবাদ বিৰোধী পক্ষৰ ৷ হাতে-হাতে প্লে' কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী বিৰোধী বিধায়ক সকলৰ ৷

সদনৰ বাহিৰত বিৰোধীপক্ষৰ প্ৰতিবাদ

সদনৰ প্ৰশ্নোত্তৰ কাল বাতিল কৰাৰ দাবী কংগ্ৰেছ-এ আই ইউ ডি এফ সদস্যৰ ৷ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে বাৰম্বাৰ প্ৰশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ পিছত এনে ধৰণৰ আচৰণ নকৰিবলৈ বিৰোধী বিধায়ক সকলক নিৰ্দেশ দিয়াৰ লগতে প্ৰশ্নোত্তৰ কাল বাতিল নকৰাত কংগ্ৰেছ তথা বিৰোধী দলে সদন ত্যাগ কৰি বিধানসভাৰ বাহিৰত শুই শুই প্ৰতিবাদ সাব্যস্ত কৰে ৷

শীতকালীন অধিবেশনৰ প্ৰথম দিনাই উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details