আজি বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন - অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন
সোমবাৰে অসম বিধানসভাৰ বিশেষ অধিবেশন অনুষ্ঠিত হ'ব ৷ এদিনীয়া অধিবেশনখন ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব ৷
![আজি বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন Assam Assembly Special Session today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5691370-thumbnail-3x2-0.jpg)
আজি বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন
গুৱাহাটী, 13 জানুৱাৰীঃএদিনীয়া কাৰ্যক্ৰমনিকাৰে আজি অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিবেশন । পুৱা ৯.৩০ বজাত ৰাজ্যপালৰ ভাষণেৰে এই বিশেষ অধিবেশন আৰম্ভ হ'ব । ৰাজ্যৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সকলে লাভ কৰি অহা চৰকাৰী সা-সুবিধাৰ ম্যাদ ২০১৯ বৰ্ষত উকলি যোৱাৰ হেতুকে সেই সা-সুবিধাসমূহ আৰু দহ বছৰলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যেই আহ্বান কৰা হৈছে এই বিশেষ অধিবেশনৰ । অৱশ্যে নিঃসন্দেহে এই এদিনীয়া বিশেষ অধিবেশনত সদনত চৰ্চিত হ'ব "কা" ৰ প্ৰসংগ । নিশা পৰ্যন্ত চলিব আজিৰ এই বিশেষ অধিবেশন ।
Last Updated : Jan 13, 2020, 9:13 AM IST