অসম

assam

ETV Bharat / city

অসম মেঘালয়ৰ সীমা বিবাদ সম্পূৰ্ণ ৰূপে নিৰ্মূল হোৱাৰ দিশে - অসম মেঘালয়ৰ সীমা বিবাদ সম্পূৰ্ণ ৰূপে নিৰ্মূল হোৱাৰ দিশে

গুৱাহাটীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক । বাকী থকা ছটা বিবদমান এলেকাক লৈ আলোচনা (Assam and Meghalaya CM meeting on border conflict) । ১৫ দিনৰ ভিতৰত দুয়োখন ৰাজ্যই কেবিনেট মন্ত্ৰীৰ অধ্যক্ষতাত গঠন কৰিব আঞ্চলিক সমিতি । পূৰ্বৰ আৰ্হিতেই বাকী ছটা বিবাদ মীমাংসাৰ প্ৰচেষ্টা । পাঁচটা দশক ধৰি চলি অহা ৰাজ্য দুখনৰ সীমা বিবাদ আলাপ-আলোচনাৰ মাজেৰে সমাধানৰ দিশে ।

Assam and Meghalaya cm meeting on border conflict
বিবদমান এলেকাৰ বিবাদ মীমাংসা সন্দৰ্ভত আলোচনা

By

Published : Aug 21, 2022, 8:38 PM IST

গুৱাহাটী, ২১ আগষ্ট : অসম আৰু মেঘালয়ৰ মাজত বাকী থকা সীমা সমস্যা সমাধানৰ বাবে দেওবাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (Assam and Meghalaya cm meeting on border conflict)। জনতা ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্য দুখনৰ সীমান্তৰ বাকী থকা ছয়টা বিবদমান এলেকাৰ বিবাদ মীমাংসা সন্দৰ্ভত আলোচনা কৰা হয় (Assam Meghalaya ‍border dispute)।

উল্লেখ্য যে, অসম-মেঘালয়ৰ মাজত থকা মুঠ ১২ টা বিবদমান অঞ্চলৰ ভিতৰত ইতিমধ্যে ৬ টা অঞ্চলৰ বিবাদ নিষ্পত্তি কৰা হৈছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ২৯ মাৰ্চত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল ।

অসম মেঘালয়ৰ সীমা বিবাদ সম্পূৰ্ণ ৰূপে নিৰ্মূল হোৱাৰ দিশে

সেই অনুসৰি, বিবদমান তাৰাবাৰী, গিজাং, হাঁহিম, বক্লাপাৰা, খানাপাৰা-পিলিংকটা আৰু ৰাতাচেৰা অঞ্চলৰ সমস্যা সমাধান হৈছে । প্ৰথম পর্যায়ত এই ৬ টা অঞ্চলৰ সমস্যাৰ সমাধান সূত্ৰ ওলোৱাৰ পাচতে ৰাজ্য দুখনে এতিয়া বাকী থকা আন ৬ টা অঞ্চলৰ সমস্যা সমাধান কৰাৰ বাবে অগ্ৰসৰ হৈছে ।

দেওবাৰে মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ অন্তত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসম-মেঘালয়ৰ বাকী থকা ছটা বিবাদমান এলেকাৰ বিবাদ মীমাংসা সন্দৰ্ভত আজি আলোচনা কৰা হয় ।

লগতে পঢ়ক :উত্তপ্ত সীমান্ত : নগাই ভাবুকি দি বন্ধ কৰালে অসমৰ মাটিত শ্মশান নিৰ্মাণৰ কাম

উক্ত ছটা বিবাদমান এলেকা অসমৰ তিনিখন জিলাৰ অন্তৰ্গত । তিনিখন জিলাৰ এই ছটা বিবাদমান এলেকাৰ বাবে কেবিনেট মন্ত্ৰীৰ অধ্যক্ষতাত তিনিখন আঞ্চলিক কমিটি কৰা হ'ব । অনুৰূপ ধৰণে মেঘালয়ৰো তিনিখন আঞ্চলিক কমিটি থাকিব । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ১৫ দিনৰ ভিতৰত এই কমিটিসমূহ কৰা হ'ব ।

আনহাতে, কাৰ্বি আংলং জিলাতো বিবদমান এলেকা থকাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধিও আঞ্চলিক কমিটিত থাকিব । পূৰ্বৰ দৰে দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটিসমূহে বিবদমান এলেকা পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ মতামত গ্ৰহণ কৰিব আৰু সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ।

দুয়োখন ৰাজ্যৰ সংশ্লিষ্ট এলেকাৰ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ এই বিবাদ মীমাংসা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয় । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, প্ৰথম পৰ্যায়ৰ ৬ টা অঞ্চলৰ তুলনাত দ্বিতীয় পৰ্যায়ৰ ৬ টা অঞ্চলৰ সমস্যা অধিক জটিল যদিও আলাপ-আলোচনাৰ মাজেৰে মীমাংসা কৰা হ'ব ।

সংবাদমেলত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে কেইবা দশক ধৰি দুয়োখন ৰাজ্যৰ মাজত অব্যাহত থকা সীমা বিবাদৰ ইতিমধ্যে ছটা মীমাংসা কৰা হৈছে । বাকী ছটা বিবাদ মীমাংসা কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে । এই বিবদমান এলেকাৰ বাবে ১৫ দিনৰ ভিতৰত আঞ্চলিক কমিটি গঠন কৰি পৰৱৰ্তী প্ৰক্ৰিয়া আগুৱাই নিয়া হ'ব বুলি তেওঁ কয় ।

লগতে পঢ়ক :অসমৰ সংৰক্ষিত বনাঞ্চলত নগাই আঁৰিলে ফলক

ABOUT THE AUTHOR

...view details