গুৱাহাটী,17আগষ্টঃ মহানগৰীৰ খানাপাৰাস্থিত প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত শনিবাৰে বিয়লি ২.৩০ বজাৰৰ পৰা অনুষ্ঠিত হয় অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে গঠিত সমিতিৰ দ্বিতীয়খন বৈঠক ৷ বৈঠকত উপস্থিত থাকে ১৪ জনীয়া সমিতিখনৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা, ৰমেশ বৰপত্ৰগোঁহাই, নিলায় দত্ত, সুভাষ চন্দ্ৰ দাস, পল্লাব ভট্টাচাৰ্য, সৃষ্টিধৰ দত্ত, ৱাছবিৰ হুছেইন, সমুজ্জল ভট্টাচাৰ্য, লোৰিনজ্যোতি গগৈ, দীপাংকৰ নাথ, সুমন্ত চলিহা, জয়কান্ত শৰ্মা, মৃণাল মিৰি আৰু ভাৰত চৰকাৰৰ গৃহমন্ত্ৰনালয়ৰ পৰা এ চি ঝা । ইপিনে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ১৪ জনীয়া এই সমিতিখনে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিবলৈ আগন্তক ৬ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব । আনহাতে শনিবাৰ প্ৰায় তিনি ঘণ্টা ধৰি হোৱা আলোচনাত অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হোৱাৰ বিষয়ে আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই প্ৰকাশ কৰে । দেওবাৰে পুনৰ ৰাতিপুৱা ৯ বজাৰ পৰা আলোচনাত মিলিত হোৱাৰ কথা জনায় আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷
অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সমিতিৰ দ্বিতীয়খন বৈঠক - অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে গঠিত সমিতি
শনিবাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে গঠিত সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় ৷ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ১৪ জনীয়া এই সমিতিখনে আগন্তক ৬ মাহৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন ।
দ্বিতীয়খন বৈঠক
উল্লেখ্য যে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰণৰ বাবে গঠিত সমিতিৰ শনিবাৰৰ এই বৈঠকখন আছিল অসমত দ্বিতীয়খন বৈঠক ।