অসম

assam

ETV Bharat / city

প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ উদ্যোগত নতুন দিল্লীত কংগ্ৰেছৰ দলীয় সভা

নিৰ্বাচনলৈ দিন চমূ চাপি অহাৰ পিছতো অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা সকলৰ মাজত সংঘাত অব্যাহত থকাত বিবুধিত পৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতৃত্ব । এই সংঘাত আলোচনাৰ মাধ্যমেৰে অন্ত পেলোৱাৰ বাবে আজি ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতাক উপস্থিতি থাকিবলৈ আহ্বান জনায় কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃবৰ্গই ।

aicc Meeting held At New Delhi
প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ উদ্যোগত নতুন দিল্লীত কংগ্ৰেছৰ দলীয় সভা

By

Published : Feb 2, 2021, 10:28 PM IST

গুৱাহাটী, 2 ফেব্ৰুৱাৰী:অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চৰাত অব্যাহত দলীয় সংঘাত আতৰোৱাৰ বাবে বিশেষ তৎপৰতা লৈছে নিখিৰ ভাৰত কংগ্ৰেছ কমিটিৰ কেন্দ্ৰীয় নেতৃত্বই । এই তৎপৰতাৰ অংশ হিচাপে আজি নতুন দিল্লীত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। অসমৰ দায়িত্বত থকা প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বৈঠকত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, নিৰ্বাচনী কমিটিৰ সভাপতি প্ৰদ্যুৎ বৰদলৈ, দেবব্ৰত শইকীয়া, গৌৰব গগৈ, ৰকিবুল হুছেইন আদিকৈ কেইবাগৰাকীও নেতাক সভাখনত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে । বিয়লি অনুষ্ঠিত হোৱা এই বৈঠকৰ পিছতে অতি লক্ষনীয় ভাবে এজন এজনকৈ নেতা ওলাই যোৱা পৰিলক্ষিত হয় ।

প্ৰায় 4.30 বজাত বৈঠকৰ পৰা ওলাই অহা সাংসদ গৌৰব গগৈক সাংবাদিকে বৈঠকৰ বিষয়ে সোধা প্ৰশ্নত কোনো উত্তৰ নিদিয়াক ওলাই যায় সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পিছতে ক্ৰমে দেবব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ আৰু ৰিপুণ বৰা ওলাই যায় । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুল কথাৰ পৰা ফালৰি কাটি ৰিপুন বৰাই কয় যে, এই বৈঠকত কেবল নিৰ্বাচনী সমৰ কৌশলৰ বিষয়েহে আলোচনা কৰা হৈছে। দলীয় সংঘাতৰ বিষয়ত ইয়াত কোনো ধৰণৰ আলোচনা হোৱা প্ৰসংগ তেওঁ নুই কৰে।

মনকৰিবলগীয়া যে, এই বৈঠকত উপস্থিত থকা ৰকিবুল হুছেইন বহু পলমলৈকে দলৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ লগত থকাটো আছিল অতি লক্ষনীয় । ৰকিবুল হুছেইনে একে সময়তে ৰিপুন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ বিৰোধীৰ ৰূপত ৰাজনৈতিক অৱস্থান লৈ আহিছে। আনকি হুছেইনে এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰাৰ বিৰোধিতা কৰা আহিছে। দলৰ এক সূত্ৰৰ মতে দলৰ আভ্যন্তৰীণ সংঘাতৰ সমান্তৰালকৈ আজিৰ বৈঠকত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ লগত মিত্ৰতাৰ প্ৰসংগ বিশেষভাবে আলোচনা কৰা হয়। এই ক্ষেত্ৰত প্ৰয়োজন হ'লে আনুষ্ঠানিক পত্ৰও প্ৰেৰন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক-আজমলে সমগ্ৰ অসমৰ মানৱ সমাজক নষ্ট কৰি আছে: সত্যৰঞ্জন বৰা

ABOUT THE AUTHOR

...view details