অসম

assam

ETV Bharat / city

সীমা বিবাদ সন্দৰ্ভত চৰকাৰৰ স্থিতিত অসন্তুষ্ট অসম জাতীয়তাবাদী যুৱ পৰিষদ

চুবুৰীয়া ৰাজ্যৰ লগত অসমৰ সীমা সমস্যা (Border disputes of Assam) সমাধানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত সন্তুষ্ট নহয় সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ ৷ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত সীমান্ত গাঁও কৰ্তন হোৱাৰ আশংকা কৰিছে পৰিষদে ।

By

Published : Jan 30, 2022, 1:04 PM IST

asom jatiyatabadi yuba parishad reaction
সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সংবাদমেলৰ

গুৱাহাটী, 30 জানুৱাৰী : অসমৰ চৰকাৰে শেহতীয়াকৈ সীমা সমস্যা(Border disputes of Assam) সমাধানৰ বাবে গ্ৰহণ কৰা পদক্ষেপত সন্তুষ্ট নহয় সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ(Asom jatiyatabadi yuba parishad on border issue) । চৰকাৰে নিৰ্দিষ্টকৈ সীমা বিবাদ সমাধান কৰিব পৰা নাই বুলি দাবী কৰে পৰিষদে ৷ গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে এখন সংবাদমেল আয়োজন কৰি সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰে সদৰি কৰে এই তথ্য ৷

সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি ৰমেন চৌধুৰীয়ে অসম চৰকাৰে সীমান্তৰ জনতা সৈতে আলোচনা নকৰাকৈ সিদ্ধান্ত লৈছে বুলি অভিযোগ কৰে ৷ তেওঁ চৰকাৰৰ এই সিদ্ধান্তৰ ফলত সীমান্ত গাঁও কৰ্তন হ’ব বুলি আশংকা প্ৰকাশ কৰে । চৌধুৰীয়ে চৰকাৰক চুবুৰীয়া ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিসমূহ মোকলোৱাৰ বাবে আহ্বান জনায় ৷

আনহাতে ৰাজ্য চৰকাৰে ক’ভিডৰ বাবে জাৰি কৰা SOP প্ৰসংগ উত্থাপন কৰি পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে, SOP নামত জনতাক আৰ্থিকভাৱে দুৰ্বল কৰা হৈছে । অনাহকত শাস্তি সন্মুখীন হৈছে অসমবাসী । অসম আৰক্ষীক নিৰ্দোষীক শাস্তি নিদিবলৈ আহ্বান জনাই চৌধুৰীয়ে কয় যে, নিৰীহ ওপৰত এনকাউণ্টাৰ নিন্দনীয় ।

লগতে পঢ়ক :Assam Meghalaya border dispute : পুনৰ বৈঠকত মিলিত হ'ল দুই ৰাজ্যৰ মুখ্যমন্ত্রী

For All Latest Updates

ABOUT THE AUTHOR

...view details