অসম

assam

ETV Bharat / city

মহানগৰীৰ 19খন ভূমিস্খলন সম্ভাৱনাপূৰ্ণ পাহাৰক লৈ প্ৰশাসনৰ প্ৰস্তুতি - মহানগৰীৰ 19খন ভূমিস্খলন সম্ভাৱনাপূৰ্ণ পাহাৰক লৈ প্ৰশাসনৰ প্ৰস্তুতি

মহানগৰীত থকা ১৯ খন পাহাৰত কেইবা লাখ লোকে বসবাস কৰি আছে আৰু এই পাহাৰীয়া অঞ্চল সমূহৰ ৩৬৬ খন ঠাই ভূমিস্খলনৰ সম্ভাৱনা পূৰ্ণ অঞ্চল হিচাপে চিনাক্ত কাৰণ কৰা হৈছে । এই অঞ্চলসমূহত ভূমিস্খলন ৰোধ কৰাৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা ।

মহানগৰীৰ 19খন ভূমিস্খলন সম্ভাৱনাপূৰ্ণ পাহাৰক লৈ প্ৰশাসনৰ প্ৰস্তুতি
মহানগৰীৰ 19খন ভূমিস্খলন সম্ভাৱনাপূৰ্ণ পাহাৰক লৈ প্ৰশাসনৰ প্ৰস্তুতি

By

Published : Jun 2, 2020, 9:39 PM IST

গুৱাহাটী, 2 জুন :মহানগৰী গুৱাহাটীত থকা ১৯ খন পাহাৰত আছে ৩৬৬ খন ভূমিস্খলনৰ সম্ভাৱনাপূৰ্ণ অঞ্চল । মহানগৰীৰ এইসমূহ ভূমিস্খলন সম্ভাৱনাপূৰ্ণ অঞ্চলত ভূমিস্খলন ৰোধৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ?

লগতে পঢ়কঃৰাজ্যত 24 ঘন্টাৰ ভিতৰত ভূমিস্খলনত প্ৰাণ হেৰুৱালে 20 জনে, মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিক্ৰিয়া

বাৰিষাৰ আগমনৰ লগে লগে নেৰানেপেৰা বৰষুণৰ ফলত প্ৰতিবছৰে ৰাজ্যত সৃষ্টি হোৱা বানপানীৰ সমান্তৰালে ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুৱাব লগা হয় বহু লোক । বিশেষকৈ ৰাজ্যৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ বাবে ভূমিস্খলন এক বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিয়ে । কেৱল পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ বাবেই নহয়, চৰকাৰ তথা প্ৰশাসনৰ বাবেও ভূমিস্খলন এক বৃহৎ সমস্যা ।

লগতে পঢ়কঃশিলচৰত ভূমিস্খলনত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ সাতগৰাকীয়ে

ৰাজ্যৰ অন্যান্য ঠাইসমূহৰ লগতে মহানগৰী গুৱাহাটীৰ পাহাৰীয়া অঞ্চলসমূহতো বাৰিষাৰ সময়ত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা । মহানগৰীত থকা ১৯ খন পাহাৰত কেইবালাখ লোকে বসবাস কৰি আছে আৰু এই পাহাৰীয়া অঞ্চলসমূহৰ ৩৬৬ খন ঠাই ভূমিস্খলনৰ সম্ভাৱনাপূৰ্ণ অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে । এই অঞ্চলসমূহত ভূমিস্খলন ৰোধ কৰাৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা ।

লগতে পঢ়কঃকৰিমগঞ্জত ভূমিস্খলন: নিহত 6, আহত 10

ভূমিস্খলনৰ সম্ভাৱনাপূৰ্ণ অঞ্চল সমূহত বসবাস কৰা বাসিন্দাসকলক সজাগ কৰাৰ লগতে গছ পুলি ৰোপনকে আদি কৰি কেইবাটাও ব্যৱস্থা হাতত লৈছে জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে । ইয়াৰ সমান্তৰালে বন বিভাগ আৰু বিভিন্ন বেচৰকাৰী সন্থায়ো মহানগৰীৰ পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলনৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সহায় কৰি আহিছে ।

লগতে পঢ়কঃহাইলাকান্দিত ভয়াৱহ ভূমিস্খলনঃ নিহত 7, আহত ৫

উল্লেখ্য যে, বছৰৰ প্ৰথমটো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে বৰাকৰ তিনিখন জিলাত । কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত পাহাৰৰ মাটি খহি অহাৰ ফলত ২০ জনকৈ লোকৰ মৃত্যু হৈছে । মহানগৰীৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ফলত যাতে কোনো ধৰণৰ ক্ষতি নহয় ইয়াৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে প্ৰশাসনে ।

লগতে পঢ়কঃমহানগৰীৰ পাঞ্জাবাৰীত ভয়ংকৰ ভূমিস্খলন

ABOUT THE AUTHOR

...view details