অসম

assam

ETV Bharat / city

বিপদ আহিছে অপৰাধী ৰাজনীতিকৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ - criminslization

২০২১ ৰ বিধানসভা নিৰ্বাচন হয়তো অসমৰ বহু ৰাজনৈতিক নেতাৰ বাবে সুখদায়ক নহব । কিয়নো ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত থাকি তাৰ সুযোগ লৈ নিৰ্বিঘ্নে বিভিন্ন অপৰাধ কৰি যোৱা সকলৰ বিৰুদ্ধে যি গোচৰ চলি আছিল, সেই গোচৰ সমূহ ছমাহৰ ভিতৰত নিস্পত্তি কৰিবলৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে ।

as-ghy-01-political-criminalization-7206058
বিপদ আহিছে অপৰাধী ৰাজনীতিকৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ

By

Published : Nov 7, 2020, 4:53 PM IST

গুৱাহাটী, ৭ নৱেম্বৰঃ উচ্চতম ন্যায়ালয়ে ৰাজনৈতিক ক্ষেত্ৰৰ অপৰাধীসকলৰ গোচৰ সমূহ ছমাহৰ ভিতৰত নিস্পত্তি কৰিবলৈ এক ঐতিহাসিক ৰায়দানৰ জৰিয়তে নিৰ্দেশ দিয়াৰ পিচতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিছে । ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ সকলো জিলা আদালতলৈ জৰুৰী নিৰ্দেশনা দিছে, যাতে প্ৰতিখন আদালতে চলি থকা ৰাজনৈতিক নেতাসকলৰ গোচৰসমূহ ক্ষীপ্ৰতাৰে নিস্পত্তি কৰা হয় ।

বিপদ আহিছে অপৰাধী ৰাজনীতিকৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ

উচ্চ ন্যায়ালয়ে লগতে এই বুলিও সকীয়াই দিছে যে ক'ভিডৰ গইনা লৈ যাতে কোনো কাৰণতে গোচৰসমূহ পিছুৱাই ৰখা নহয় । ই টিভি ভাৰতৰ আগত আজি এই কথা প্ৰকাশ কৰিছে সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে । তেওঁ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এনে পদক্ষেপক আদৰণি জনায় ৷

মন কৰিবলগীয়া যে অসমৰ বহু ৰাজনৈতিক নেতাৰ বিৰুদ্ধে চলি আছে বিভিন্ন গোচৰ । ইফালে ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিটা মাহ । তেনেক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ এনে কঠোৰ পদক্ষেপ যে বহু ৰাজনৈতিক নেতাৰ বাবে সুখদায়ক নহব সেয়া প্ৰায় নিশ্চিত ।

লগতে পঢ়কঃ10টাকৈ কৃত্ৰিম উপগ্ৰহ প্ৰক্ষেপনৰ বাবে সাজু পিএছএলভি ৰকেট

ABOUT THE AUTHOR

...view details