অসম

assam

ETV Bharat / city

ৰাষ্ট্ৰীয় পতাকা বিচাৰি বজাৰত গ্ৰাহকৰ ভিৰ - গণতন্ত্ৰ দিৱস

সমাগত ৭২ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে এতিয়া দেশৰ ভিন্ন প্ৰান্তত চলিছে প্ৰস্তুতি। অসম খাদী আৰু গ্ৰামোদ্যোগ বিভাগো সম্প্ৰতি ব্যস্ত হৈ পৰিছে পতাকা প্ৰস্তুত কৰাত ।

Republic day preparatin by Khadi board At Guwahati
ৰাষ্ট্ৰীয় পতাকা বিচাৰি বজাৰত গ্ৰাহকৰ ভিৰ

By

Published : Jan 22, 2021, 10:17 PM IST

গুৱাহাটী, ২২ জানুৱাৰী: গণতন্ত্ৰ দিৱসলৈ মাত্ৰ তিনিটা দিন বাকী । সমাগত ৭২ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে এতিয়া দেশৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে । সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্ততো চলিছে ব্যাপক প্ৰস্তুতি । অসম খাদী আৰু গ্ৰামোদ্যোগ বিভাগ সম্প্ৰতি ব্যস্ত হৈ পৰিছে পতাকা প্ৰস্তুত কৰাত ।

ইটিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়া অনুসৰি অসম খাদী আৰু গ্ৰামোদ্যোগ বিভাগটোৱে প্ৰস্তুত কৰা এই ৰাষ্ট্ৰীয় পতাকাসমূহ ৰাজ্যৰ বহুকেইটা বিক্ৰী কেন্দ্ৰত বিভিন্ন আকাৰত উপলব্ধ হৈছে আৰু প্ৰায় ১২ লাখ টকাৰ পতাকা বিক্ৰীৰ লক্ষ্য আগত ৰাখিছে বিভাগটোৱে। ইফালে দিনে নিশাই ব্যস্ত হৈ পৰিছে পতাকা চিলাইৰ কামত নিয়োজিত দৰ্জী সকল ৷

ৰাষ্ট্ৰীয় পতাকা বিচাৰি বজাৰত গ্ৰাহকৰ ভিৰ

উল্লেখ্য যে গুৱাহাটীৰ সমীপৱৰ্তী জিলাৰ লগতে উত্তৰ-পূৱৰ বহুকেইখন ৰাজ্যয়ো খাদী বোৰ্ডৰ বিপনিৰ পৰা পতাকা ক্ৰয় কৰাৰ লগতে ব্যক্তিগত খণ্ডৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানেও পতাকাসমূহ ক্ৰয় কৰিছে বুলি জানিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক-জোনবিলত সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা

ABOUT THE AUTHOR

...view details