অসম

assam

ETV Bharat / city

হেঙেৰাবাৰীত মুকলি হ’ল প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি কেন্দ্র - প্রধানমন্ত্রী

হেঙেৰাবাৰী চাৰিআলিত সোমবাৰে প্রধানমন্ত্রী জন ঔষধি কেন্দ্র এটি মুকলি কৰা হয়। দেশৰ বিভিন্ন ৰাজ্যত ৭,১৫০টা কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে অসমত ৭১টা জন ঔষধি কেন্দ্র স্থাপন কৰা হৈছে ৷

pm pharmacy Inaugurated At Guwahati
হেঙেৰাবাৰীত প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি কেন্দ্র মুকলি

By

Published : Feb 2, 2021, 5:07 PM IST

গুৱাহাটী, ২ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত সোমবাৰে প্রধানমন্ত্রী জন ঔষধি কেন্দ্র এটি মুকলি কৰা হয় । হেঙেৰাবাৰী চাৰিআলিত স্থাপন কৰা কেন্দ্ৰটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্রী জন ঔষধি কেন্দ্ৰৰ ৰাজ্যিক জ’নেল মেনেজাৰ আশিস চক্ৰৱৰ্তীয়ে।

জন ঔষধি কেন্দ্ৰটো মুকলি কৰি ইয়াৰ দ্বাৰা বৃহত্তৰ হেঙেৰাবাৰীৰ লগতে মহানগৰীৰ সৰ্বসাধাৰণ লােক বিশেষভাৱে উপকৃত হ'ব বুলি তেওঁ মন্তব্য কৰে আশিস চক্ৰৱৰ্তীয়ে। দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ সপােন বাস্তৱত ৰূপায়িত কৰিবলৈ ভাৰত চৰকাৰৰ সাৰ আৰু ৰাসায়নিক মন্ত্ৰালয়ৰ সহযােগত সমগ্ৰ দেশতে এই কেন্দ্রসমূহ স্থাপন কৰা হৈছে । ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত ৭,১৫০টা, অসমৰ বিভিন্ন জিলাত ৭১টা আৰু গুৱাহাটী মহানগৰীত ইতিমধ্যে 6 টাকৈ জন ঔষধি কেন্দ্র স্থাপন কৰা হৈছে ।

হেঙেৰাবাৰীত প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি কেন্দ্র মুকলি

কেন্দ্ৰটোৰ স্বত্বাধিকাৰী ৰূপা ৰয়ে জানিবলৈ দিয়া মতে, এই কেন্দ্ৰটোৰ জৰিয়তে অতি সুলভ মূল্যত সর্বসাধাৰণ লােকক ঔষধ আৰু অন্যান্য সামগ্রী যােগান ধৰাৰ প্রয়াস কৰা হৈছে । কোনাে ৰােগত আক্রান্ত লােক যাতে আর্থিক দৈন্যতাৰ বাবে উপযুক্ত ঔষধৰ পৰা বঞ্চিত হ’ব লগা নহয়, তাৰ বাবে এই পদক্ষেপ গ্রহণ কৰা হৈছে বুলি স্বত্বাধিকাৰী ৰূপা ৰয়ে সাংবাদিকৰ আগত মন্তব্য কৰে।

লগতে পঢ়ক-ৰাজগড় ব্যৱসায়ী সন্থাৰ “এই মাহৰ অতিথি” অনুষ্ঠানৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details