অসম

assam

ETV Bharat / city

GST সংগ্ৰহ: অৰুণাচলৰ ৰেকৰ্ড ভাঙিব পৰা নাই আন কোনো ৰাজ্যই - GST সংগ্ৰহৰ উৰ্ধমুখী ধাৰা

ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ সময়ত সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা অৰ্থনৈতিক অচলাৱস্থাৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশে কৰ ব্যৱস্থাক এক বিশেষ গতিৰে আগবঢ়াই নিবলৈ সক্ষম হৈছে (Highest GST collection by Arunachal Pradesh)। এই ক্ষেত্ৰত অৰুণাচল দেশ আন ৰাজ্যৰ বাবে হৈ পৰিছে এক আদৰ্শ ।

Arunachal Pradesh records highest GTS collection
GST সংগ্ৰহ: অৰুণাচলৰ ৰেকৰ্ড ভাঙিব পৰা নাই আন কোনো ৰাজ্যই

By

Published : May 14, 2022, 7:35 PM IST

গুৱাহাটী, 14 মে': অসমৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশ এতিয়া সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হৈ পৰিছে । ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ সময়ত ৰাজ্যসমূহে যেতিয়া GST আৰু অন্যান্য কৰ সংগ্ৰহৰ ক্ষেত্ৰত যথেষ্ট কষ্টৰ সমস্যাৰ সন্মূখীন হৈছিল, সেই সময়তো অৰুণাচল প্ৰদেশ চৰকাৰে GST সংগ্ৰহৰ উৰ্ধমুখী ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল ।

অথচ ক’ভিডৰ বাবে 2020-21 আৰু 2021-22 বৰ্ষ দুটাত দেশৰ ভালে কেইখন ৰাজ্যৰ GST সংগ্ৰহৰ ঘাটিয়ে বাৰ্ষিক বাজেটত নেতিবাচক প্ৰভাৱ পেলাইছিল । GST প্ৰশাসনৰ এক শেহতীয়া তথ্য অনুসৰি, 2021 চনৰ এপ্ৰিল আৰু 2022 চনৰ এপ্ৰিল মাহত অৰুণাচল প্ৰদেশৰ GST সংগ্ৰহৰ বৃদ্ধিৰ হাৰ আছিল 90 শতাংশ ।

GST সংগ্ৰহ: অৰুণাচলৰ ৰেকৰ্ড ভাঙিব পৰা নাই আন কোনো ৰাজ্যই

অৰ্থাৎ ক’ভিড পৰিস্থিতিৰ সময়ত দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনে বিত্তীয় সংকটৰ সন্মুখীন হোৱাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ বিত্ত বিভাগে তেওঁলোকৰ GST 103 কোটিৰ পৰা 196 কোটি টকালৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । টকাৰ হিচাপত এই পৰিমাণ বৃহৎ ৰাজ্য সমূহৰ তুলনাত কম যদিও ৰাজহ সংগ্ৰহৰ বৃদ্ধিৰ হাৰ অতি চমকপ্ৰদ (Arunachal records high GST collection ) ।

কেৱল সেয়ে নহয়, 2018 চনৰ ডিচেম্বৰ মাহৰ পৰা 2019 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত GST সংগ্ৰহৰ বৃদ্ধিৰ হাৰ আছিল 124 শতাংশ । অৰ্থাৎ বিগত পাঁচটা বছৰৰ বিত্তীয় বৰ্ষকেইটাত GST সংগ্ৰহৰ ক্ষেত্ৰত অৰুণাচলে কৰা ৰেকৰ্ড ভংগ কৰিব পৰা নাই দেশৰ কোনো ৰাজ্যই (Arunachal registers good GST collection rate) ।

লগতে পঢ়ক :মন্ত্ৰী সঞ্জয় কিষাণক ভাবুকি আলফা(স্বা)ৰ

মন কৰিবলগীয়া যে, শেহতীয়া বিত্তীয় বৰ্ষটোত (2021-22) অসমে মুঠ GST সংগ্ৰহ কৰিছিল 1151 কোটি টকা । ইয়াৰ বৃদ্ধিৰ হাৰ মাত্ৰ 14 শতাংশ । নকলেওঁ হয় যে, এনে বৃদ্ধিৰ হাৰে ৰাজহুৱা ব্যয় ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পেলাইছিল । আনহাতে, দেশৰ সৰ্বাধিক GST সংগ্ৰহ কৰা ৰাজ্য মহাৰাষ্ট্ৰই 2020-21 চনত GST সংগ্ৰহ কৰিছিল 22013 কোটি আৰু 2021-22 বিত্তীয় বৰ্ষটোত এই সংগ্ৰহ বৃদ্ধি হয় 27495 কোটি টকা পৰ্যন্ত পায়গে ৷ বৃদ্ধিৰ হাৰ 25 শতাংশ ।

একেদৰে, দেশৰ কৰ ৰাজহলৈ বিশেষভাৱে অৰিহণা আগবঢ়োৱা গুজৰাট আৰু কৰ্ণাটকৰ GST সংগ্ৰহ বৃদ্ধিৰ হাৰ ক্ৰমে 17 আৰু 19 শতাংশহে । শেহতীয়া বিত্তীয় বৰ্ষটোত গুজৰাটে 11264 কোটি আৰু কৰ্ণাটকে 11820 কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, প্ৰতিকূল পৰিস্থিতিৰ মাজতে অৰুণাচলৰ দৰে ৰাজ্য GST সংগ্ৰহৰ যাত্ৰা অব্যাহত ৰখাৰ সময়তো কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা চৰকাৰে শেহতীয়া বিত্তীয় বৰ্ষটোত GST সংগ্ৰহৰ ক্ষেত্ৰত পিছ হুহুকিব ল'ব লগা হৈছে । মণিপুৰ চৰকাৰৰ GST সংগ্ৰহৰ হাৰ 33 শতাংশ, মিজোৰামৰ 19 শতাংশ আৰু ত্ৰিপুৰাৰ GST সংগ্ৰহৰ হাৰ 3 শতাংশ৷ GST প্ৰশাসনে ই টিভি ভাৰতক জনোৱা এই তথ্য স্বাভাবিকতে লক্ষনীয় ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ পদত্যাগ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details