অসম

assam

তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে আৰ্টফেড

By

Published : Apr 6, 2022, 9:38 PM IST

৫ এপ্ৰিলৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিছে আৰ্টফেডৰ কৰ্মচাৰীয়ে(ARTFED employees stage protest at Guwahati) ৷ পৰাগমণি মহন্তই প্ৰতিষ্ঠানটোৰ ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালকৰ দায়িত্ব গ্ৰহণৰ পাছতেই আৰ্টফেডৰ ব্যৱসায় একেবাৰে স্থবিৰ হৈ পৰাৰ অভিযোগ আৰ্টফেডৰ কৰ্মচাৰীৰ ৷ বিগত প্ৰায় ১০ মাহে মাহিলী দৰমহাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে কৰ্মচাৰীসকল(ARTFED employees demand release of pending salary) । আৰ্টফেডৰ কৰ্তৃপক্ষ আৰু চৰকাৰক বাৰম্বাৰ সমস্যাৰ বিষয়ে অৱগত কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰ্মচাৰী সন্থাৰ ৷

Artfed employees stage protest at Guwahati
তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে আৰ্টফেড

গুৱাহাটী, ৬ এপ্ৰিল: কৰ্তৃপক্ষৰ ভুলৰ বাবে তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে আৰ্টফেড । মুখ্যমন্ত্ৰীয়ে থলুৱা গামোচা ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ সময়তে হস্ততাঁত বস্ত্ৰশিল্পৰ লাভজনক প্ৰতিষ্ঠান আৰ্টফেডক মৃত্যুৰ মুখলৈ থেলি দিছে কৰ্তৃপক্ষই । বিগত প্ৰায় ১০ মাহ ধৰি কৰ্মচাৰীয়ে মাহিলী দৰমহাৰ পৰা বঞ্চিত হ’ব লগা হৈছে ।

কৰ'ণা মহামাৰীৰ বাবে আৰ্টফেডৰ ব্যৱসায় বিগত প্ৰায় দুটা বছৰত ব্যাপক ক্ষতিৰ সন্মুখীন হয় ৷ এনে সময়তে আৰ্টফেডৰ ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালকৰ দায়িত্ব হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ সঞ্চালক পৰাগমণি মহন্তক অৰ্পণ কৰা হয় ৷ পৰাগমণি মহন্তই দায়িত্ব গ্ৰহণৰ পাছতেই আৰ্টফেডৰ ব্যৱসায় একেবাৰে স্থবিৰ হৈ পৰে বুলি অভিযোগ কৰে আৰ্টফেডৰ কৰ্মচাৰীসকলে ।

প্ৰতিষ্ঠানটোৰ ৰাজহাড়স্বৰূপ শাখাৰ ব্যৱসায় বিগত এবছৰ ধৰি স্তব্ধ হৈ পৰিছে বুলি মন্তব্য কৰে আৰ্টফেড কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ধীৰেন কুমাৰ নাথে । গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি তেওঁ পৰাগমণি মহন্তক ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালকৰ দায়িত্ব দিয়াৰ পিছৰে পৰা তেওঁ কাৰ্যালয়লৈ মাত্ৰ চাৰিদিনহে গৈছে বুলি অভিযোগ কৰে । ইয়াৰ লগতে নাথে পৰাগমণি মহন্তই দায়িত্ব গ্ৰহণৰ পাছৰে পৰা এই জাতীয় অনুষ্ঠানটো স্থবিৰ হৈ পৰিছে বুলি মন্তব্য কৰে ।

তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে আৰ্টফেড

তেওঁলোকে এই সন্দৰ্ভত আৰ্টফেড কৰ্তৃপক্ষ আৰু অসম চৰকাৰক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নকৰাৰ অভিযোগ কৰে । অৱশ্যে তেওঁলোকে এই সন্দৰ্ভত অৱগত কৰিবলৈ বৰ্তমানলৈ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে । যাৰবাবে তেওঁলোকে আৰ্টফেডৰ পৰিচালন সঞ্চালক আৰু বিভাগীয় মন্ত্ৰীক বাৰম্বাৰ এই বিষয়ে অৱগত কৰাৰ কথা জানিবলৈ দিয়ে ৷ কিন্তু কৰ্তৃপক্ষৰ হেমাহিৰ বাবে আজিৰ এই অৱস্থা হোৱা বুলি মন্তব্য কৰে তেওঁ ৷

নাথে লগতে কয় যে, অসমৰ শিপিনীয়ে উৎপাদন কৰা চানেকিযুক্ত বস্ত্ৰ সম্ভাৰ বিক্ৰীৰ বাবে বজাৰ সৃষ্টি কৰি শিপিনীসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লগতে ৰাজ্যৰ লগতে দেশৰ অন্যান্য প্ৰান্তত থকা ৪৩ টা বিক্ৰী কেন্দ্ৰ আছে । মুঠ কৰ্মচাৰী আছে ১৭০ গৰাকী । আৰ্টফেডৰ কৰ্মচাৰী সন্থাই সমস্যা সমাধান কৰাৰ বাবে কৰ্তৃপক্ষ তথা চৰকাৰক বাৰম্বাৰ জনাই অহাৰ পিছতো সমস্যা সমাধান নোহোৱাত উপায়ন্তৰ হৈ আন্দোলনৰ কাৰ্যসূচী ল’বলৈ বাধ্য হোৱাৰ কথা জানিবলৈ দিয়ে ৷

তেওঁলোকে কৰ্মচাৰীসকলৰ মাহিলী দৰমহা আদায় দিয়া, স্থায়ী পৰিচালন সঞ্চালক নিযুক্তিকে ধৰি মুঠ ১০ দফীয়া দাবীত ৫ এপ্ৰিলৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে(ARTFED employees stage protest at Guwahati) ৷ এই আন্দোলন ১৯ এপ্ৰিললৈ অব্যাহত থাকিব । ইয়াৰ পিছতো যদি আৰ্টফেডৰ কৰ্তৃপক্ষ আৰু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে তেওঁলোকে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰিব : মুখ্যমন্ত্ৰী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details