আজাৰা, 28 ছেপ্টেম্বৰ :ভাৰত চীন সীমান্তত কৰ্মৰত হৈ থকা অসমীয়া সেনা বিষয়াৰ উত্তৰ-প্ৰদেশত মৃত্যু হয় ৷ ভাৰত চীন সীমান্তৰ উত্তৰাখণ্ডৰ অতি দুৰ্গম পাহাৰীয়া অঞ্চল দ্ৰছলা চেক্টৰত কৰ্মৰত অসমীয়া সেনা বিষয়া এজনৰ আকস্মিক মৃত্যু হয় । নিহত বিষয়াগৰাকী স্থলসেনাৰ আৰ্টিলাৰী ৰেজিমেন্টৰ লেফটেনেন্ট কৰ্ণেল মায়ংক বৰা বুলি জানিব পৰা গৈছে ৷ বৰাই বিগত 26 ছেপ্টেম্বৰত আকস্মিক মৃত্যুক আকোৱালি লয় ।
স্বগৃহ পালেহি সেনা বিষয়া লেফ. কৰ্ণেল মায়ংক বৰাৰ নশ্বৰদেহ - উত্তৰ প্ৰদেশৰ বেৰেলিৰ সেনা চাউনী
অসমীয়া সেনা বিষয়া লেফ. কৰ্ণেল মায়ংক বৰাৰ নশ্বৰদেহ আহি গুৱাহাটীত উপস্থিত হয় ৷

স্বগৃহ পালেহি সেনা বিষয়া লেফ. কৰ্ণেল মায়ংক বৰাৰ নশ্বৰদেহ
৪১ বছৰীয়া সেনা বিষয়াজনে নিজ কৰ্মস্থানৰ পৰা এমাহৰ চুটি লৈ ঘৰলৈ আহি থকা অৱস্থাত উত্তৰ প্ৰদেশৰ বেৰেলিৰ সেনা চাউনীত মৃত্যু হয় । সোমবাৰে দিল্লীৰ পৰা স্পাইছ জেট বিমানযোগে মায়ংক বৰাৰ নশ্বৰদেহ বৰঝাৰ বিমান বন্দৰলৈ লৈ অনা হয় । বৰঝাৰ বিমান বন্দৰৰ পৰা ভাৰতীয় সেনাৰ বাহনেৰে পোনে পোনে নিজ বাসভৱন পাঞ্জাবাৰীলৈ লৈ যোৱা হয় বিষয়াগৰাকীৰ নশ্বৰ দেহ ৷ নিজা বাসভৱনতে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে ৰাষ্ট্ৰীয় সন্মানেৰে বিষয়াগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ৷
স্বগৃহ পালেহি সেনা বিষয়া লেফ. কৰ্ণেল মায়ংক বৰাৰ নশ্বৰদেহ
লগতে পঢ়ক :কোন এই দিবন ডেকা ? কি সম্পৰ্ক আৰ এছ এছ-বিজেপিৰে ?