গুৱাহাটী, 5 ফেব্ৰুৱাৰী : 'চান্দা' সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছে (Apurba Kumar Bhattacharjee criticise Assam CM) ৷ শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই (Press conference at Rajiv Bhawan) কয় যে, 'চান্দা' সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য 'ভুতৰ মুখত ৰাম নামৰ লেখীয়া'।
লগতে মন্দিৰ নাইবা নামঘৰ তথা অন্য ধৰ্মীয় অনুষ্ঠান নিৰ্মাণ কৰোতে চান্দা তোলা হয় । সাহিত্য সভাৰ অধিৱেশন পাতিলেও চান্দা লোৱা হয় । চান্দা আমি লওৱেই বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ কিন্তু এতিয়া চান্দা লোৱাত বিজেপিৰ দৰে সিদ্ধসস্ত কোনো নাই । তেনেস্থলত চান্দাৰ ওপৰত মন্তব্য কৰাটো কিমান সমীচীন হৈছে মুখ্যমন্ত্ৰী গৰাকীয়েহে জানিব বুলি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰে ।
ইয়াৰ লগতে অসমৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা মাৰোৱাৰী সমাজক অসমৰ মূল সুঁতিৰ পৰা কিয় আতঁৰাব বিচৰা হৈছে । জ্যোতিপ্ৰসাদ আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালাৰ অৱদান আৰু অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰাৰ কথাটো মুখ্যমন্ত্ৰীয়ে নাজানে নে নজনাৰ ভাওঁ ধৰিছে বুলি প্ৰশ্ন কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই ।