অসম

assam

ETV Bharat / city

APSC Scam: বক্ৰ পথেৰে চাকৰি লোৱা আৰু 11 জনলৈ ন্যায়াধীশ শৰ্মা আয়োগৰ চমন - Re open of APSC scam file

এইবাৰ পুনৰ ন্যায়াধীশ শৰ্মা আয়োগে চমন জাৰি কৰিছে 11 গৰাকী ৰাজপত্ৰিত বিষয়ালৈ, যিসকলে ৰাকেশ পালৰ কাৰ্যকালত 2014 বৰ্ষত পিছদুৱাৰেদি চাকৰি লোৱাৰ অভিযোগ উঠিছিল আৰু পৰবৰ্তী সময়ত চৰকাৰে এই 11 গৰাকী ৰাজপত্ৰিত বিষয়াকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল ৷

APSC Scam
বক্ৰ পথেৰে চাকৰি লোৱা আৰু 11 জনলৈ ন্যায়াধীশ শৰ্মা আয়োগৰ চমন

By

Published : Jul 19, 2022, 9:10 AM IST

নিউজ ডেস্ক, 19 জুলাই:পুনৰ খোল খাইছে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ ফাইল (Re open of APSC scam file) ৷ আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত সংঘটিত হোৱা বিয়াগোম নিযুক্তি কেলেংকাৰীৰ ন্য়ায়িক তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে 2013 বৰ্ষত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ কৰি ইতিমধ্য়ে চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে (Justice B K Sarma commission) ৷

এইবাৰ পুনৰ ন্যায়াধীশ শৰ্মা আয়োগে চমন জাৰি কৰিছে 11 গৰাকী ৰাজপত্ৰিত বিষয়ালৈ, যিসকলে ৰাকেশ পালৰ কাৰ্যকালত 2014 বৰ্ষত পিছদুৱাৰেদি চাকৰি লোৱাৰ অভিযোগ উঠিছিল আৰু পৰবৰ্তী সময়ত চৰকাৰে এই 11 গৰাকী ৰাজপত্ৰিত বিষয়াকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল ৷ ই টিভি ভাৰতৰ আগত মঙলবাৰে এই কথা প্ৰকাশ কৰি ন্যায়াধীশ শৰ্মাই কয় যে ইতিমধ্যে আয়োগে 2014 বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে আৰু ইযাৰে প্ৰথম পৰ্যায়ত এই 11 গৰাকীক আয়োগে তলৱ কৰিছে ৷

ন্যায়াধীশ শৰ্মাই লগতে আৰু কয় যে বৰ্তমান এইসকলৰ এজনো কৰ্মৰত হৈ থকা নাই যদিও আয়োগে তদন্তৰ আওতাত তেওঁলোকক অন্তৰ্ভুক্ত কৰিবই লাগিব ৷ ড৹ গনেশ চন্দ্ৰ নাথ, পল্লৱী শৰ্মা, ঋতুৰাজ নেওগ, ভাৰ্গৱ ফুকন, মঞ্জুৰ ইলাহী লস্কৰ, মুস্তাফা আহমেদ বৰভূঞা, বিকাশ কুমাৰ পিঞ্চা, নৃপেন পাঠককে ধৰি মুঠ 11 গৰাকী ৰাজপত্ৰিত বিষয়াক ন্যায়াধীশ শৰ্মা আয়োগে জেৰাৰ বাবে তলৱ কৰিছে ৷ এইসকলৰ কোনোবাজন যদি আছিল এ পি এছ বিষয়া, আন কোনোবাজনে হয়তো নিযুক্তি পাইছিল কৰ বিষয়া নাইবা এ চি এছ বিষয়া হিচাপে ৷

লগতে পঢ়ক:AK47 ammunition recovery: অৱশেষত উদ্ধাৰ হ’ল আৰক্ষীৰ পৰা চুৰি হোৱা AK47 ৰ গুলী

ABOUT THE AUTHOR

...view details