মাজুলী, 22 ফেব্ৰুৱাৰী :মাজুলীৰ গড়মূৰৰ ৰাজীব ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে আজি এক সংবাদ মেলৰ আয়োজন কৰে । সংবাদমেলত তেওঁ আহি থকা উপ নিৰ্বাচনত মাজুলীৰ ৰাইজে এজন যোগ্য ব্যক্তিক ভোট দিবলৈ অনুৰোধ জনায় (Upcoming Majuli by poll) । তেও কয় প্রাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল এগৰাকী সংগ্ৰামী সত্তা থকা ব্যক্তি । সেই সংগ্ৰামী সত্তাৰ অধিকাৰী সোণোৱালক যিদৰে মাজুলীৰ জনতাই জয়ী কৰাই মাজুলীৰ সেৱা কৰিবলৈ দিছিল সেই একে সত্তাৰ অধিকাৰী আখ্যা দি চিত্তৰঞ্জন বসুমতাৰীকো জয়ী কৰাই মাজুলীৰ সেৱা কৰিবৰ বাবে সুবিধা কৰি দিবৰ বাবে জনতাক অনুৰোধ জনায় গোস্বামীয়ে ।
তেওঁ কয় বৰ্তমানৰ বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী ভুৱন গাম বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ নহয় প্ৰাক্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হে সোহাঁত স্বৰূপ ৷ সৰ্বানন্দ সোণোৱাল মূখ্যমন্ত্ৰী হৈ থকা দিনত বিত্তমন্ত্ৰী হিচাপে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা থকাৰ বাবেই সৰ্বানন্দ সোণোৱালে বিচৰা ধৰনে মাজুলীৰ উন্নয়ন নহ'ল বুলিও অভিযোগ ৰাণা গোস্বামীৰ ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লৈ বিস্ফোৰক মন্তব্য কৰি হিমন্ত বিত্তমন্ত্ৰী হোৱাৰ সময়ত মাজুলীলৈ তেও কম পইচা দিছিল বুলি দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে (Rana Goswami on clash between Sarbananda and Himanta) ৷