গুৱাহাটী, ৭ জানুৱাৰী : পাঞ্জাৱৰ ফিৰোজপুৰত বুধবাৰে প্ৰধানমন্ত্ৰীৰ ৰেলী বাতিল হোৱা ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া (PM Modi's rally at Ferozepur was cancelled)। সমগ্ৰ ঘটনাটোক লৈ শাসক-বিৰোধী দুয়োপক্ষই প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে । ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে শাসকীয় দল বিজেপিয়ে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে (APCC secretary on Modi's rally cancellation) ।
শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই বিজেপি দল আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদগৰাকীয়ে কয় যে, পঞ্জাৱ চৰকাৰক দেশবাসীৰ ওচৰত হেয় প্ৰতিপন্ন কৰাৰ বাবে বিজেপি দলে এই নাটক ৰচনা কৰিছে । আচলতে সভাত সত্তৰ হাজাৰ মানুহৰ বাবে বিজেপিয়ে আসন ৰাখিছিল । কিন্তু সভাত মাত্ৰ সাতশ মানুহহে হৈছিল । যাৰবাবে প্ৰধানমন্ত্ৰীয়ে সভালৈ নোযোৱাৰ পৰিকল্পনা কৰি এখন নাটক ৰচনা কৰে ।
কৃষকৰ ৰুদ্ৰমূৰ্ত্তি দেখি থমকি ৰ’বলগা হ'ল প্ৰধানমন্ত্ৰী: অপূৰ্ব ভট্টাচাৰ্য সভাত মানুহ কম হোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচী বাতিল কৰাৰ পিছতে ইয়াৰ বাবে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ ওপৰত দোষ জাপি দি বিজেপিয়ে নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে । তেওঁ কয় যে, দেশৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে । সভ্যতাৰ কথা কোৱা বিজেপি দলে প্ৰকাৰন্তৰে গণতান্ত্ৰিক অনুষ্ঠানসমূহ এটা এটাকৈ নিজৰ নিয়ন্ত্ৰণলৈ নিব বিচাৰিছে । এয়া গণতন্ত্ৰৰ বাবে অশনি সংকেত ।
দেশৰ সৰ্বোচ্চ নিৰাপত্তা বেষ্টনীৰ মাজত থকা প্ৰধানমন্ত্ৰীগৰাকী পাঞ্জাৱৰ নিৰ্বাচনী সভাখনলৈ যাওতে সভাত সাতশ মানুহে হোৱা বুলি গম পাই যাত্ৰাৰ মাধ্যম আৰু পথ সলনি কৰিলে । সাজু কৰি ৰখা হেলিকাপ্টাৰেৰে নগৈ পথেৰে যাত্ৰা কৰিবলৈ ওলাল । প্ৰধানমন্ত্ৰীৰ যাত্ৰাপথ সলনি হোৱাত পাঞ্জাৱ চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও প্ৰধানমন্ত্ৰীগৰাকীয়ে সহযোগ নকৰিলে । কাৰণ তেওঁ মানুহ নোহোৱাৰ বাবে সভাখনলৈ নোযোৱাৰ অভিনয় কৰিলে । ইতিমধ্যেই পাঞ্জাৱৰ কৃষকসকলে প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিছিল ।
তেওঁ যিমানেই কৌশল ৰচনা নকৰক কিয় এটা কথা সকলোৱে জানে যে, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে তদাৰক কৰে । পাঞ্জাৱ চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ পাছতো প্ৰধানমন্ত্ৰীয়ে নিজৰ ভ্ৰমণসূচী কিয় সলনি কৰিলে বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী (Chief Minister of Punjab)ৰ অনুৰোধ ৰক্ষা নকৰি যাত্ৰা কৰিলে । হাস্যকৰ কথা যে, নিজৰ দেশৰ মাটিত কৃষকৰ ৰুদ্ৰমূৰ্তি দেখি থমকি ৰ’বলগা হ'ল প্ৰধানমন্ত্ৰী । বিজেপি চৰকাৰে সময়ৰ পৰা শিক্ষা লোৱা নাই ।
শেহতীয়াকৈ বিজেপিয়ে এখন নতুন নাটক আৰম্ভ কৰিছে বুলি অপূৰ্ব ভট্টাচাৰ্যই মন্তব্য কৰি কয় যে, কংগ্ৰেছ দলৰ কাৰ্যালয়ত আক্ৰমণ কৰা বা তালৈ আহি প্ৰতিবাদ সাব্যস্ত কৰাটো তেওঁলোকৰ নতুন নাটক । তেওঁ লগতে কয় যে, দিল্লী, অসমত বিজেপিৰ চৰকাৰ আৰু আইন-শৃংখলা বিজেপিৰ হাততে আছে । তৎস্বত্বেও তেওঁলোকে আইন-শৃংখলাৰ কথা কয় । অসমৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ কাৰ্যালয়ত ধৰ্ণা দিব লাগে বুলি কোৱাটো কেনে ধৰণৰ সভ্যতা । মোডীৰ প্ৰচাৰ সভাৰ ব্যৰ্থতা সংবাদ মাধ্যমত প্ৰকাশ পাইছে । বিজেপিৰ কামকাজত জনতা ক্ষুণ্ণ হৈছে । সেই কথা পাঞ্জাৱৰ সভাত জনসাধাৰণে অংশ গ্ৰহণ নকৰা কথাই প্ৰমাণ কৰিছে ।
অসমত বিজেপিয়ে কংগ্ৰেছৰ জিলা কাৰ্যালয়সমূহত ধৰ্ণা দিছে । দুখৰ কথা যে, প্ৰধানমন্ত্ৰীৰ সভা ব্যৰ্থ হোৱা বাবে শাসকীয় দলে বিৰোধী দলৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিছে । বিজেপি দলৰ প্ৰতি পুতৌ জন্মিছে বুলি কৈ অপূৰ্ব ভট্টাচাৰ্যই কয় য়ে, সকলোৱে বিজেপিৰ চতুৰালি বুজি উঠিছে ৷ নতুন প্ৰজন্মই কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে । লগতে কয়, মুখ্যমন্ত্ৰীৰ পৰিবাৰ আৰু পৰিয়ালৰ ভূমি কেলেংকাৰীৰ প্ৰসংগত উপযুক্ত তদন্ত নোহোৱা পৰ্যন্ত কংগ্ৰেছ দল ক্ষান্ত নহয় । ইয়াৰ বাবে ১০ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি আন্দোলন চলিব বুলিও তেওঁ সদৰি কৰে ।
লগতে পঢ়ক:সভাত মানুহ কম হোৱাৰ বাবেহে বাতিল হ’ল প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান : ভূপেন বৰা