অসম

assam

By

Published : Jan 6, 2022, 6:12 PM IST

ETV Bharat / city

সভাত মানুহ কম হোৱাৰ বাবেহে বাতিল হ’ল প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান : ভূপেন বৰা

পঞ্জাৱৰ ফিৰোজপুৰত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাগল’বলগীয়া এক অনুষ্ঠান হঠাৎ বাতিল হোৱা ঘটনাই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে (PM Modi's rally at Ferozepur was cancelled) ৷ নিৰাপত্তাজনিত কাৰণত এই কাৰ্যসূচী বাতিল কৰিবলগীয়া হ’ল বুলি গৃহ মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰে ৷ এই সন্দৰ্ভত কংগ্ৰেছে প্ৰদান কৰিছে বিপৰীত মন্তব্য ৷ আশা কৰামতে সভাত জনসমাগম নোহোৱাৰ বাবেহে কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হ’ল বুলি মন্তব্য দিছে কংগ্ৰেছ দলে ৷

MHA cancels Modi's Ferozepur rally
প্ৰধানমন্ত্ৰীৰ ৰেলী বাতিল

গুৱাহাটী, 6 জানুৱাৰী :পঞ্জাৱৰ ফিৰোজপুৰত বুধবাৰে অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ ৰেলী বাতিল (MHA cancels Modi's Ferozepur rally)কৰাৰ ঘটনাক লৈ বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু বি জে পি দলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দেশজুৰি সমালোচনা কৰা দেখা গৈছে । গুৱাহাটীৰ অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কয় যে, পঞ্জাৱৰ মুখ্যমন্ত্ৰীক হেয় প্ৰতিপন্ন কৰাৰ বাবে বি জে পি দলৰ এয়া এক পৰিকল্পিত অভিসন্ধি আছিল ।

পঞ্জাৱৰ ফিৰোজপুৰত অনুষ্ঠিত হ'বলগীয়া ৰেলীত ভাগ লোৱাৰ বাবে পুৱা প্ৰধানমন্ত্ৰীয়ে বিমানেৰে ভাটিন্দাত অৱতৰণ কৰিছিল । কিন্তু প্ৰতিকুল বতৰৰ বাবে হেলিকপ্টাৰৰ যাত্ৰা প্ৰত্যাহাৰ কৰি ৰাজপথেৰে যোৱাৰ সিদ্ধান্ত লয় প্ৰধানমন্ত্ৰীয়ে ৷ সমগ্ৰ পথচোৱাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা বুলি পঞ্জাৱ আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছিল ৷ কিন্তু ৰেলীত অংশগ্ৰহণৰ বাবে গৈ থকাৰ অৱস্থাত হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৈত প্ৰধানমন্ত্ৰীৰ কনভয় এখন উৰণীয়া সেঁতুত উঠাৰ সময়তে একাংশ প্ৰতিবাদকাৰীয়ে পথটো অৱৰোধ কৰে ।

ফলত প্ৰধানমন্ত্ৰী ১৫-২০ মিনিট ধৰি উৰণীয়া সেঁতুৰ ওপৰতে আবদ্ধ হৈ থাকিবলগীয়া হয় । এয়া প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ ত্ৰুটি বুলি গৃহ মন্ত্ৰালয়ে এক বিবৃতিযোগে প্ৰকাশ কৰে ।

কিন্তু কংগ্ৰেছ দলে এই ঘটনা সন্দৰ্ভত মন্তব্য কৰিছে বিপৰীত ধৰণে ৷ আচলতে সভাত সত্তৰ হাজাৰ মানুহৰ বাবে বিজেপিয়ে আসন ৰাখিছিল । কিন্তু সভাত মাত্ৰ 700 মানুহে হৈছিল । যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সভালৈ নোযোৱাৰ পৰিকল্পনা কৰিছিল । সেইমতে প্ৰধানমন্ত্ৰী সফলো হৈছিল বুলি সংবাদমেলত মন্তব্য দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

সভাত মানুহ কম গোট খোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূটী বাতিল (PM Modi's rally at Ferozepur was cancelled) কৰাৰ পিছতে ইয়াৰ বাবে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ ওপৰত দোষ জাপি দি বিজেপিয়ে লেতেৰা ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰে ভূপেন বৰাই ।

ইপিনে সংবাদমেলত অংশ লৈ প্ৰদ্যুৎ বৰদলৈ কয় যে, প্ৰধানমন্ত্ৰীৰ সভাখন পঞ্জাৱৰ ৰাইজে বৰ্জন কৰিছিল । বৰ্জন কৰা সভাত নোযোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে এইধৰণৰ পৰিকল্পিত অভিসন্ধি ৰচনা কৰিছিল ৷ লগতে তেও কয় যে, পঞ্জাৱৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ সভাখন স্বৰ্তঃফূৰ্তভাবে বৰ্জন কৰিছিল । যাৰবাবে সভাত মানুহৰ সমাগম হোৱা নাছিল ।

লগতে পঢ়ক:Modi Security Breach in Punjab: নিৰাপত্তা ব্যৱস্থাৰ বাবে পাঞ্জাৱ চৰকাৰৰ পৰা স্পষ্টীকৰণ তলব

ABOUT THE AUTHOR

...view details