গুৱাহাটী, 15 জুন : গুৱাহাটীৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে (Floods in Guwahati)। মহানগৰীৰৰ নতুন নতুন অঞ্চল কৃত্ৰিম বানত ডুব গৈছে । হাতীগাঁও আৰু ৰুক্মিনী নগৰ আদি নতুন নতুন অঞ্চল জলমগ্ন হৈছে । মহানগৰীৰৰ অনিল নগৰ, নবীন নগৰ, ৰাজগড়, ভূতনাথ, মালিগাঁৱৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে । গুৱাহাটীৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে বুধবাৰে পুৱা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক সঁজাতি দল লৈ হাতীগাঁৱত উপস্থিত হয় ।
মহানগৰীৰ বান পৰিস্থিতি অধ্যয়ন কৰি ভূপেন বৰাই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে(Bhupen Borah visited flood affected area of Guwahati) । তেওঁ কয় যে, গুৱাহাটীৰ মানুহে পৰিৱৰ্তন বিচাৰি বিজেপিক ভোট দিছিল । বিজেপি চৰকাৰে মহানগৰবাসীক ঠগিলে । বিজেপিৰ অহংকাৰ হৈছে । বিজেপিৰ নেতাই কয়, বিজেপি 2014 চনৰ পৰা পাঁচটা নিৰ্বাচনত জয়ী হৈছে । এই অহংকাৰ লৈ বিজেপিয়ে ডাংকোপ মাৰি মহানগৰবাসীৰ সমস্যাৰ প্ৰতি আওকাণ কৰিছে (Bhupen Bora on Guwahati Flood)।