অসম

assam

By

Published : Dec 26, 2021, 9:26 PM IST

ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মাক ভ্ৰাম্যমাণ থিয়েটাৰৰ ভাৱৰীয়া আখ্যা ভূপেন বৰাৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ভ্ৰাম্যমাণ থিয়েটাৰৰ ভাৱৰীয়া আখ্যা দিলে ভূপেন বৰাই (Bhupen Bora takes jibe on Assam CM) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে দেহৰক্ষী ৰখা সংস্কৃতি কংগ্ৰেছৰহে বুলি মন্তব্য কৰাৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ দল বাগৰা সংস্কতিৰ প্ৰৱৰ্তক কোন বুলি প্ৰশ্ন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ ইফালে মানবেন্দ্ৰ শৰ্মা হত্যাকাণ্ডৰ পিছতহে অসমত কংগ্ৰেছে পি এছ অ’ ল’বলগীয়া হৈছিল বুলি মন্তব্য কৰে ৷

হিমন্ত বিশ্ব শৰ্মাক ভ্ৰাম্যমাণ থিয়েটাৰৰ ভাঁৱৰীয়া আখ্যা ভূপেন বৰাৰ
হিমন্ত বিশ্ব শৰ্মাক ভ্ৰাম্যমাণ থিয়েটাৰৰ ভাঁৱৰীয়া আখ্যা ভূপেন বৰাৰ

গুৱাহাটী, 26 ডিচেম্বৰ : ‘‘দেহৰক্ষী ৰখা সংস্কৃতি কংগ্ৰেছৰ নহয় । মানবেন্দ্ৰ শৰ্মা হত্যাকাণ্ডৰ পিছতহে অসমত কংগ্ৰেছে PSO ল’বলগীয়া হৈছিল ।’’ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । ভাৰতীয় কংগ্ৰেছ দলৰ ৫২ নং ৱাৰ্ড কংগ্ৰেছ কমিটী, বীৰকুছিৰ উদ্যোগত মহানগৰীৰ কলিতাকুছি বিহুতলীৰ প্ৰেক্ষাগৃহত আয়োজিত এখন সভাত দেওবাৰে সভাপতিগৰাকীয়ে এনেদৰে কয় ৷

সামগ্ৰীৰ আকাশলঙ্ঘী দামবৃদ্ধি, দেশৰ সম্পদসমূহ পূঁজিপতিৰ হাতত বিক্ৰী কৰা কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ সিদ্ধান্ত আৰু গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপিয়ে লোৱা ষড়যন্ত্ৰমূলক প্ৰদক্ষেপৰ বিৰুদ্ধে অনুষ্ঠিত কৰা জন-জাগৰণ সভাত উপস্থিত থাকি ভূপেন বৰাই মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে, মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ড(Manabendra Sharma murder case)ৰ পিছতহে অসমত কংগ্ৰেছে দেহৰক্ষী ল’বলগীয়া হৈছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পৰাই PSO সংস্কৃতি বন্ধ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, মুখ্যমন্ত্ৰীয়ে যদি নিৰাপত্তাৰক্ষী লগত নাৰাখে তেন্তে কোনোৱেই নাৰাখে (Bhupen Bora ask Himanta Bishwa Sarma to remove his PSO) ।

হিমন্ত বিশ্ব শৰ্মাক ভ্ৰাম্যমাণ থিয়েটাৰৰ ভাৱৰীয়া আখ্যা ভূপেন বৰাৰ

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই দেহৰক্ষী ৰখা সংস্কৃতি কংগ্ৰেছ দলৰ বুলি এখন সভাত মন্তব্য কৰিছিল । মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছত দেওবাৰে মহানগৰীৰ বীৰকুছিত জন-জাগৰণ সভাত অংশগ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

ইফালে কংগ্ৰেছী বিধায়ক শশীকান্ত দাস আৰু শ্বেৰমান আলীয়ে বিজেপি গমনৰ বাবে সাজু হোৱা বুলি চলি থকা চৰ্চাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভূপেন বৰাই । ইতিমধ্যে বিধায়ক শ্বেৰমান আলীয়ে আমাৰ সৈতে যোগাযোগ কৰিছে ৷ আমি 30 ডিচেম্বৰলৈকে সময়সীমা দিছো, 30 তাৰিখৰ ভিতৰতে আমাক উত্তৰ দিব বুলি আশা কৰিছো । ইফালে বিধায়ক শশীকান্ত দাসে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই । অহা 30 ডিচেম্বৰ তাৰিখৰ ভিতৰতে যদি নকৰে তেন্তে দলৰ সংবিধান অনুযায়ী সিদ্ধান্ত লোৱা হ’ব বুলি মন্তব্য দিয়ে ভূপেন বৰাই ৷

আনহাতে, কেইবাজনো কংগ্ৰেছী বিধায়ক বিজেপি গমনৰ বাবে সাজু হৈ থকা বুলি চলা চৰ্চাৰ প্ৰসংগত ভূপেন বৰাই কয়, সৰ্বভাৰতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিঙে ইতিমধ্যে কৈছে যে যাব বিছৰাসকলৰ বাবে আমাৰ দুৱাৰ খোলা আছে । সেয়ে যিসকলে কংগ্ৰেছ এৰি যাব বিচাৰে যাব পাৰে আৰু যি সকল থাকিব বিচাৰে থাকিব পাৰে । লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ভ্ৰাম্যমাণ থিয়াটাৰৰ ভাৱৰীয়া আখ্যা দিলে ভূপেন বৰাই (Bhupen Bora takes jibe on Assam CM) ৷ মুখ্যমন্ত্ৰীগৰাকীক দল বাগৰা সংস্কৃতিৰ প্ৰৱৰ্তক বুলি কৈ পূৰ্বৰ মন্তব্যৰ সোঁৱৰণ কৰে ৷

ৰাজ্যত অবাধে চলি থকা কয়লা ছিণ্ডিকেটৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয়, বিজেপিয়ে কয়লাৰ ছিণ্ডিকেট আৰম্ভ কৰিছে । ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বিধানসভাত এই সন্দৰ্ভত আলোচনা কৰি কয়লাৰ ব্যৱসায়ক বৈধতা দিব বিচাৰিছে ।

বৰাই লগতে কয়, যেতিয়া কয়লাৰ ছিণ্ডিকেট বন্ধ কৰিবলগীয়া হ’ল তেতিয়া তেওঁৰ চিন্তা বেলেগ আছিল । এতিয়া তেওঁৰ চিন্তা হৈছে কয়লাৰ লগত জড়িত শ্ৰমিকসকল কেনেকৈ জীয়াই থাকিব । মুখ্যমন্ত্ৰীয়ে যেতিয়া দেখিছে তেওঁৰ লগত থকা নেতা-পালিনেতাবোৰৰ মুখ শুকাইছে এতিয়া তেওঁৰ ছিণ্ডিকেটৰ প্ৰয়োজন হৈছে । সেয়ে কয়লা ব্যৱসায়ক মান্যতা প্ৰদান কৰিব বিচৰা মুখ্যমন্ত্ৰীয়ে বিজেপি কাৰ্যালয়ত কয়লাৰ ৰং লগাই লওক অথবা বিজেপিয়ে নিজৰ কাৰ্যালৰ পৰাই কয়লাৰ ছিণ্ডিকেট আৰম্ভ কৰক । তাৰ বাবে বিজেপিৰ কাৰ্যালয়ত দুই এখন কয়লা গাড়ী ৰাখি থ’বলৈও আহ্বান জনায় কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

দেওবাৰৰ এই জন-জাগৰণ সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ লগতে প্ৰাক্তন সাংসদ আৰ.পি শৰ্মা, দ্বিজেন শৰ্মা, কংগ্ৰেছৰ মুখপাত্ৰ মীৰা বৰঠাকুৰ, মনজিৎ মহন্ত, ৰমেন বৰঠাকুৰ, মেহদি আলম বৰা আদিকে কৰি কেইবাজনো কংগ্ৰেছৰ নেতা উপস্থিত থাকে । আনহাতে, এই সভাত ভূপেন বৰাৰ উপস্থিতিতে ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল বিজেপিৰ কোষাধক্ষ্যসহ প্ৰায় অৰ্ধশতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে ৷

লগতে পঢ়ক:বিজেপিত যোগ দিয়াৰ মন কেইবাজনো বিৰোধী দলৰ বিধায়কৰ

ABOUT THE AUTHOR

...view details