অসম

assam

By

Published : Sep 30, 2020, 5:01 PM IST

ETV Bharat / city

কংগ্ৰেছীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক নিন্দা বিৰোধী দলপতিৰ

কংগ্ৰেছ কৰ্মীৰ ওপৰত আৰক্ষীয়ে বৰ্বৰতাৰে লাঠি চালনা কৰা আৰু গ্ৰেপ্তাৰ কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ স্বেচ্ছাচাৰী শাসন চলাই থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ ৰাইজৰ প্ৰতি কৰা অন্যায়,যুৱক-যুৱতীসকলৰ ভৱিষ্যতক লৈ কৰা হেতালি আদিৰ বিৰুদ্ধে বিৰোধীয়ে গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদক দমন কৰিব বিচাৰিছে ।

কংগ্ৰেছীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক নিন্দা বিৰোধী দলপতিৰ
কংগ্ৰেছীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক নিন্দা বিৰোধী দলপতিৰ

গুৱাহাটী, 30 ছেপ্টেম্বৰ : কংগ্ৰেছ কৰ্মীৰ ওপৰত আৰক্ষীয়ে বৰ্বৰতাৰে লাঠি চালনা কৰা আৰু গ্ৰেপ্তাৰ কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । বুধবাৰে শইকীয়াই সংবাদ মাধ্যমক কয় যে ইয়াৰ জৰিয়তে স্বেচ্ছাচাৰী শাসন চলাই থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকে অসমৰ ৰাইজৰ প্ৰতি কৰা অন্যায়,যুৱক-যুৱতীসকলৰ ভৱিষ্যতক লৈ কৰা হেতালি আদিৰ বিৰুদ্ধে বিৰোধীয়ে গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদক দমন কৰিব বিচাৰিছে ।

মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক : দেৱব্ৰত শইকীয়া

লগতে পঢ়ক :বাবৰি মছজিদ ধংস গোচৰৰ সকলো অভিযুক্তক দোষমুক্ত

তেওঁ কয় যে, "কংগ্ৰেছ দলৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰত অসম আৰক্ষীয়ে কেনেকৈ প্ৰৱেশ কৰিলে ? ইয়াৰ এক তদন্ত কৰিবলৈ মই ইয়াৰ জৰিয়তে দাবী উত্থাপন কৰিব বিচাৰিছো । সোণোৱাল চৰকাৰখনে যে,মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰাই নিযুক্তিৰ ছিণ্ডিকেট আৰু কেলেংকাৰীবোৰ চলাই আছে,সেই কথা তেওঁলোকৰ আচৰণৰ পৰাই আজি ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু এই কেলেংকাৰীসমূহ লুক-ঢাক কৰি ৰাইজৰ আঁৰৰ পৰা বাচিবলৈ বিৰোধীয়ে গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদকো গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সোণোৱালৰ আৰক্ষী বিভাগে দমন কৰিবলৈ চেষ্টা কৰিছে । যিটো দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য ।"

লগতে পঢ়ক :৫ অক্টোবৰ লৈ স্থগিত ৰখা হ’ল ডাঃ দেবেন দত্তৰ হত্যাৰ ৰায়দান

তেওঁ লগতে কয়,"মুখ্যমন্ত্ৰীয়ে তেওঁ দিয়া এটাও প্ৰতিশ্ৰুতি আজিলৈ সম্পূৰ্ণ কৰিব নোৱাৰিলে,মাত্ৰ মুখত হাঁহি বিৰিঙাই দুৰ্নীতি মুক্ত চৰকাৰ আৰু বৰাক-ব্ৰহ্মপুত্ৰৰ উন্নয়নৰ কথা বাটে পথে গুণগুণাই থাকিলেই স্বচ্ছ শাসন চলোৱাটো নুবুজায় । এই সকলোবোৰৰ বিপৰীতে তেওঁ অসমৰ ৰাইজক প্ৰৱঞ্চনাহে কৰি আছে । তেওঁ কৈছিল অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব,কিন্তু অসম চুক্তিৰ মূল আত্মাকে মোহাৰি CAA আনিলে । ব্ৰহ্মপুত্ৰ খনন হ'ব বুলি কৈছিল,এতিয়া খননৰ 'খ' টোকো বিচাৰি নাপায়। 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি কৈছিল,এতিয়া বাকী আৰু ফাঁকিৰে এওঁলোকক প্ৰতাৰণা কৰি আছে । ইয়াৰ উপৰিও শিক্ষা বিভাগৰ নিযুক্তিসমূহ ছয় মাহৰ ভিতৰত কৰা হ'ব বুলি কৈছিল,প্ৰতি বছৰে 5 লাখ নিৱনুৱাক নিযুক্তি দিম বুলি কৈছিল, 24 ঘন্টা বিজুলী প্ৰদান কৰা হ'ব,চাহ শ্ৰমিক সকলক 350 টকা মজুৰি দিয়া হ'ব ইত্যাদি । কিন্তু এই সকলোবোৰ আজি ফুটুকাৰ ফেনলৈ পৰিণত হৈছে ।"

লগতে পঢ়ক :২০২১ৰ নিৰ্বাচনত হাজো সমষ্টিত টিকত নাপায় নেকি সুমন হৰিপ্ৰিয়াই ?

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ দাবী তুলি এই সকলোবোৰ জুমলা, দুৰ্নীতি মুক্ত কৰাত ব্যৰ্থ হোৱা আৰু ৰাজ্যৰ যুৱক-যুৱতী সকলৰ ভৱিষ্যতক লৈ হেতালি খেলা তথা অনিয়ম আৰু ছিণ্ডিকেটৰাজৰ ভঁৰালত পৰিণত হৈ পৰা চৰকাৰখনৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি নতুনকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ শইকীয়াই উল্লেখ কৰে ৷

লগতে পঢ়ক :এখন বিশেষ চাইকেল বিচাৰি মুখ্যমন্ত্ৰীক অনুৰোধ স্বৰ্ণ পদক বিজয়ী খেলুৱৈৰ

ABOUT THE AUTHOR

...view details