গুৱাহাটী, ২২ জানুৱাৰী: মেঘালয়ক তেওঁলোকে দখল কৰি থকা অসমৰ মাটি অসম চৰকাৰে এৰি দিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ একাংশ শিক্ষাবিদ, বুদ্ধিজীৱি আৰু আইনজীৱিকে ধৰি বিশিষ্ট নাগৰিক । এই সন্দৰ্ভত আজি অসম প্ৰদেশ কংগ্ৰেছে দিছপুৰত আয়োজন কৰা এক আলোচনা সভাত প্ৰায় ডেৰকুৰি শিক্ষাবিদ, বুদ্ধিজীৱি, আইনজীৱিয়ে অংশগ্ৰহণ কৰি চৰকাৰৰ হঠকাৰী সিদ্ধান্ত তাৎক্ষণিকভাৱে বাতিল কৰিবলৈ দাবী জনাই (APCC interaction with civil society activities, Prominent intellectuals) । অসম চৰকাৰৰ এই আত্মসমৰ্পণ কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় বুলি সভাত সকলোৱে একমুখে মত ব্যক্ত কৰে ।
প্ৰদেশ কংগ্ৰেছ কমিটী আৰু কংগ্ৰেছ বিধায়িনী দলৰ যুটীয়া আহ্বানত অনুষ্ঠিত কৰা সভাখনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিষয়টোক লৈ প্ৰাৰম্ভিক বক্তব্য তুলি ধৰে । সৰ্বদলীয় সভাত কংগ্ৰেছৰ তৰফৰ পৰা দাঙি ধৰা পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি পিছদিনাই কেবিনেটে মেঘালয়ক মাটি এৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি উল্লেখ কৰি শইকীয়াই কয় যে, সকলো এখন পূৰ্বপৰিকল্পিত নাটকৰ অংশ মাত্ৰ । ইয়াৰ পিছতে বিস্তৃত আলোচনা হয় আৰু সকলো সাংবিধানিক বিধি-ব্যৱস্থা উপেক্ষা কৰি নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই একনায়কত্ববাদী শাসন চলাইছে বুলি অংশগ্ৰহণকাৰী সকলে মুকলিকৈ অভিযোগ ব্যক্ত কৰে ।
মেঘালয়ে দীৰ্ঘদিন অসমৰ এক বিশাল ভূমিখণ্ড দখল কৰি আছিল আৰু সেই তথ্য অসম বিধানসভাৰ মজিয়াত বিভিন্ন চৰকাৰৰ দিনত আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হৈছে । এতিয়া নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থতে ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সংবিধান, প্ৰচলিত আইন আৰু অসম বিধান সভাৰ কৰ্তৃত্বক সম্পূৰ্ণ অস্বীকাৰ কৰি অসমৰ এছোৱা মাটি মেঘালয়ক এৰি দিবলৈ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি কেইবাগৰাকী অংশগ্ৰহণকাৰীয়ে মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছ দলে সৰ্বদলীয় সভাত উত্থাপন কৰা দাবীক যুক্তিপূৰ্ণ বুলি স্বীকাৰ কৰি প্ৰায়সকল বক্তাই বিধান সভাক উলাই কৰি এনে এটা স্পৰ্শকাতৰ বিষয়ত কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে । কেইবাগৰাকী অংশগ্ৰহণকাৰী আইনজীৱিয়ে প্ৰদেশ কংগ্ৰেছক এই ক্ষেত্ৰত চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথৰ যুঁজৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।