অসম

assam

ETV Bharat / city

কংগ্ৰেছ দলৰ ১৩৭ সংখ্যক আৰু সেৱাদলৰ ৯৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ১৩৭ সংখ্যক(APCC celebrates 137th foundation day at Guwahati) আৰু সেৱাদলৰ ৯৮ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙলবাৰে গুৱাহাটী ৰাজীৱ ভৱনত উদযাপন কৰা হয় । সভাত সেৱাদলৰ নৱনিযুক্ত সভাপতি হিচাপে দীপ বায়নে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ।

apcc celebrate 137th foundation day at guwahati
কংগ্ৰেছৰ ১৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Dec 28, 2021, 9:50 PM IST

গুৱাহাটী, ২৮ ডিচেম্বৰ :প্ৰদেশ কংগ্ৰেছৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত মঙলবাৰে দলৰ ১৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস(APCC celebrates 137th foundation day) উদযাপন কৰা হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । তেওঁ বৰ্তমান পৰিস্থিতিত দলৰ হকে সকলোকে এক উৎসাহীকৃত প্ৰাণ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় । ইয়াৰ পাছতে নিখিল ভাৰত কংগ্ৰেছ সেৱাদলৰ ৰাষ্ট্ৰীয় সম্পাদক চন্দন বৰুৱাই সকলোকে শপতবাক্য পাঠ কৰোৱায় ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা

শপতবাক্য পাঠৰ পাছত সেৱাদলৰ দ্বাৰা এক ত্ৰিৰংগা শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰাৰ অন্তত সভাপতি ভূপেন কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই দলৰ প্ৰতিষ্ঠা কালৰ পটভূমি দাঙি ধৰে । ইয়াৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ আবু নাছাৰ ছাঈদ আহমেদৰ লিখিত ভাষণ পাঠ কৰে শৈলেন বৰাই । সভাপতি ভূপেন কুমাৰ বৰাই সাম্প্ৰতিক সময়ত দলৰ প্ৰাসঙ্গিকতাৰ সন্দৰ্ভত সকলোৰে সক্ৰিয় সহযোগিতা কামনা কৰে ।

কংগ্ৰেছৰ ১৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ বলীন কুলি, বিধায়ক ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা আৰু নন্দিতা দাসৰ উপৰি বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে । ইয়াৰ পিছত অনুষ্ঠিত এখন সভাত কংগ্ৰেছ সেৱাদলৰ ৯৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । এই উপলক্ষ্যে আয়োজন কৰা সভাত অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ নৱনিযুক্ত সভাপতি হিচাপে দীপ বায়নে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ।

কংগ্ৰেছৰ ১৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সভাৰ আৰম্ভণিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই সেৱাদলৰ প্ৰতিষ্ঠাপক এন এছ হাৰ্ডিকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ সেৱাদলৰ শৃংখলিত কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰি নিশ্চিতভাৱে দল শক্তিশালী হৈ উঠিব বুলি মত পোষণ কৰে । আনহাতে নৱনিযুক্ত সেৱাদলৰ সভাপতি দীপ বায়নে দলৰ সভাপতি ভূপেন কুমাৰ বৰাৰ গতিশীল নেতৃত্ব, ব্যক্তিত্ব আৰু বলিষ্ঠ পদক্ষেপৰ শলাগ লয় । সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এক তথ্য সমৃদ্ধ আৰু সেৱাদলৰ ভূমিকা আৰু প্ৰাসংগিকতা উল্লেখ কৰে ।

লগতে পঢ়ক :বৰ্তমান যুগত মানুহে বাণিজ্যৰ বাহিৰে একো কথা বুজি নাপায় : দিগন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details