অসম

assam

ETV Bharat / city

Brahmaputra mining project: এক আস্ফালনত পৰিণত ব্ৰহ্মপুত্ৰৰ খননৰ প্ৰতিশ্ৰুতি - Union Minister Sarbananda Sonowal

ৰাজ্যত ব্ৰহ্মপুত্ৰ খনন আৰু এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ_ বিজেপি নেতৃত্বাধীন চৰকাৰৰ এয়া আছিল দুটা অভিনৱ পদক্ষেপ (Brahmaputra mining project and construction of express highway) ৷ পিছে, চৰকাৰখনৰ এই দুই পদক্ষেপ ভালুকৰ সাঙীত পৰিণত হৈছে ৷

bjp-goverment-bharmaputra-dredging-and-express-highway-is-a-pipe-dream
এক আস্ফালনত পৰিণত ব্ৰহ্মপুত্ৰৰ খননৰ প্ৰতিশ্ৰুতি

By

Published : Feb 7, 2022, 7:55 PM IST

গুৱাহাটী, 7 ফেব্ৰুৱাৰী : ৰাজ্যত ব্ৰহ্মপুত্ৰ খনন আৰু এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ বিজেপি নেতৃত্বাধীন চৰকাৰৰ এয়া আছিল দুটা অভিনৱ পদক্ষেপ ৷ পিছে , চৰকাৰখনৰ এই দুই পদক্ষেপ সম্প্ৰতি ভালুকৰ সাঙীত পৰিণত হৈছে । উল্লেখ্য যে, তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal) ৰ অধ্যক্ষতাত 2017 চনৰ 4 ডিচেম্বৰত Dredging corporation of India আৰু ৰাজ্য চৰকাৰৰ মাজত ব্ৰহ্মপুত্ৰ নদীত খনন কৰাৰ বাবে এক চুক্তি স্বাক্ষৰিত হৈছিল । এই প্ৰকল্পৰ বাবে 18 কোটি টকা এছ ডি আৰ এফৰ অধীনত নিৰ্দ্ধাৰণ কৰা হৈছিল । কিন্তু এইবোৰ এইপৰ্যন্ত চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে ।

এই সন্দৰ্ভত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ (আইডব্লিউএআই) ৰ সঞ্চালক এ চিলভা কুমাৰক ই টি ভি ভাৰতৰ পৰা সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, পাণ্ডুত তেনেধৰণৰ কোনো প্ৰকল্পৰ কাম আৰম্ভ হোৱা নাই । এইক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নহ’ল । লগতে কুমাৰে কয় যে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে নিজাববীয়াকৈ বিগত জানুৱাৰীৰ মাজভাগৰ পৰা ধুবুৰীত ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভ কৰা হৈছে । ধুবুৰী আৰু যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ খননৰ বাবে দুখন ড্ৰেজাৰ ক্ৰয় কৰা হৈছে । ইয়াৰে ধুবুৰীত থকা ড্ৰেজাৰখনৰ মেৰামতিৰ কাম পাণ্ডুত চলি থকাৰ বাবে নিমাতীঘাটত থকা ড্ৰেজাৰখন ধুবুৰীলৈ অনা হৈছে আৰু এইখনৰে বৰ্তমান ধুবুৰীত ব্ৰহ্মপুত্ৰ খনন কৰি থকা হৈছে ।

এক আস্ফালনত পৰিণত ব্ৰহ্মপুত্ৰৰ খননৰ প্ৰতিশ্ৰুতি

লগতে তেওঁ কয় যে আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ এখন ৰপেক্স জাহাজ ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত চলি আছে । এই ৰপেক্স জাহাজখনৰ যাতাৰত সুচল কৰাৰ বাবে খনন চলি আছে । কিছুদিন পিছতে এই খনন সম্পূৰ্ণ হ'ব । ইয়াৰোপৰি তেওঁ কয় যে পৰৱৰ্তী ভাৰত আৰু বাংলাদেশ সীমান্তত থকা ব্ৰহ্মপুত্ৰ নদীত খনন আৰম্ভ কৰা হ'ব । সঞ্চালক এ চিলভা কুমাৰ কয় যে, আভ্যন্তৰিণ জলপৰিবহণ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰৰ জলপথ সুচল কৰাৰ বাবেহে খনন কাৰ্য্য আৰম্ভ কৰিছে । তেওঁ কয় যে আভ্যন্তৰিণ জলপৰিবহণ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰৰ জলপথ সুচল কৰাৰ বাবে ধুবুৰীৰ পৰা মাজুলীৰ নিমাতী ঘাটলৈ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা 2.5 মিটাৰ কৰি ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

যিবোৰ ঠাইত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা 2.5 মিটাৰতকৈ কম আছে সেইবোৰৰ ঠাইত খনন কাৰ্য চলোৱা হ'ব (Dredging of River Brahmaputra) । সেইমৰ্মে মাজুলীৰ নিমাতী ঘাটৰ পৰা ডিব্ৰগড়লৈ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা 2 মিটাৰ ৷ আকৌ ডিব্ৰগড়ৰ পৰা পাণ্ডুলৈ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা 1.5 মিটাৰ । আনহাতে পাণ্ডুৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা 2.5 মিটাৰ । এই ঠাইসমূহত খনন কাৰ্য চলোৱা হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে সঞ্চালকগৰাকীয়ে ৷

ইয়াৰোপৰি তেওঁ কয় যে পাণ্ডুত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা ঠিকে থকাৰ বাবে সদ্যহতে আভ্যন্তৰিণ জলপৰিবহণ প্ৰাধিকৰণে পাণ্ডুত ব্ৰহ্মপুত্ৰত খনন চলোৱাৰ চিন্তা-চৰ্চা কৰা নাই । মন কৰিবলগীয়া যে যোৱা 2017 চনতে 26 জুলাইত এক ঘোষণাৰ জৰিয়তে তদানীন্তন কেন্দ্ৰীয় পথ যোগাযোগ মন্ত্ৰী নীতিন গাডকাৰিয়ে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে অসমৰ আয়ুসৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰক শদিয়াৰ পৰা ধুবুৰীলৈকে মুঠ 600 কিলোমিটাৰ খননৰ বাবে 400 কোটি টকাৰ অনুমোদন দিয়া হৈছে । এই খননৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পৰা সৃষ্টি হোৱা বানপানীৰ এক স্থায়ী সমাধান কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰক ব্যৱসায়িকভাৱে লাভজনক কৰি তোলা হ’ব । তদুপৰি অসমৰ বাবে নদীখনক আশীৰ্বাদস্বৰূপ কৰি তোলা হ’ব ।

কিন্তু মন্ত্ৰীজনৰ এই ঘোষণা পৰৱৰ্তী সময়ত বিগ জিৰ' দৰে হৈছেগে । উল্লেখ্য যে, ৰাজ্যত ব্ৰহ্মপুত্ৰ খননৰ বাবে 2017 চনত ড৹ দুলাল চন্দ্ৰ গোস্বামীৰ অধ্যক্ষতাত গঠন হৈছিল এক বিশেষজ্ঞ কমিটী ৷ কমিটীখনে প্ৰয়োজন সাপেক্ষে ঠাই বিশেষে নদীৰ গতিপথত সৃষ্টি হোৱা গেদ নিষ্কাশনৰ বাবে খননৰ পৰামৰ্শ আগবঢ়াইছিল ৷ যাৰ পৰিপ্ৰক্ষিতত জলসম্পদ বিভাগে 2017-18 বিত্তীয় বৰ্ষত 18 কোটি । কিন্তু সেয়া আজিলৈকে ঘোষণাতে সীমাৱদ্ধ হৈ ৰ’ল । ব্ৰহ্মপু্ত্ৰক সম্পদৰূপে গঢ়ি তোলা হ’ব বুলি প্ৰতিখন শাসকীয় চৰকাৰে আওঁৰাই আহিছে ।

ইপিনে বিগত 2017 বৰ্ষৰ ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Minister Chandra Mohan Patowary) য়েও ব্ৰহ্মপুত্ৰ খনন কৰিবলৈ 980 কোটি টকা বিশ্ব বেংকে যোগান ধৰাৰ কথা ঘোষণা কৰিছিল । ৰাজ্য চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা কৈ আহিছে যদিও কাৰ্যত ইয়াৰ ফলাফল শূন্য দেখা গৈছে । ৰজাঘৰীয়াৰ উন্নয়নৰ ঘোষণাবোৰ এক আস্ফালনত পৰিণত হৈছে ।

লগতে পঢ়ক :War against drugs: ডবকাত কোটি টকীয়া নিচাযুক্ত টেবলেট জব্দ

ABOUT THE AUTHOR

...view details