গুৱাহাটী, ২ ডিচেম্বৰ :গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ নৱ-নিযুক্ত সভানেত্ৰী ড৹ অংকিতা দত্ত(Ankita Dutta took oath as Assam Youth congress President), কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী আৰু উপ-সভাপতি পৰিতোষ ৰয়ে "জাগ ডেকা তেজ জাগ" শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে দায়িত্বভাৰ গ্ৰহণ কৰে ।
এই উপলক্ষে ৰাজীৱ ভৱন চৌহদত অনুষ্ঠিত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা(State Congress president Bhupen Kumar Bora)ই কয় যে দেশৰ এই সন্ধিক্ষণত যুৱ প্ৰজন্মই সাহেসেৰে নেতৃত্ব দি দেশৰ মৌলিক সামাজিক চৰিত্ৰ সলনি কৰিব বিচৰাসমূহ সাম্প্ৰদায়িক আৰু ধৰ্মান্ধ শক্তিক প্ৰতিহত কৰিব লাগিব । দেশৰ এই নতুন সামাজিক আৰু ৰাজনৈতিক সংগ্ৰামত তেওঁ সদায় যুৱ শক্তিৰ সৈতে একাত্ম হৈ থাকিব বুলি উল্লেখ কৰে ।
যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি শ্ৰীনিৱাস বি ভিয়ে কয় যে অসমত প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুনকৈ দায়িত্বপ্ৰাপ্ত নেতৃবৰ্গই অসমৰ যুৱ সমাজৰ কাষ চাপি এনেদৰে কাৰ্যনিৰ্বাহ কৰিব লাগিব যাতে আগন্তুক প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছ দলে সফলতা অৰ্জন কৰিব পাৰে । তেওঁ লগতে কয় যে অসম আজি এখন দুৰ্নীতিগ্ৰস্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে । অসমত অসৎ পদ্ধতিৰে সংগৃহীত ধনৰ ভাগ বহুকেন্দ্ৰীয় নেতৃত্বয়ো লাভ কৰি আছে ।