গুৱাহাটী, ২৫ নবেম্বৰ : অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে অংকিতা দত্তক (Ankita Dutta became the new president off APYC)। উল্লেখযোগ্য যে, প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্তৰ জীয়ৰী অংকিতা দত্ত যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পূৰ্বে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভানেত্ৰীৰ দায়িত্বত আছিল ।
চলিত বৰ্ষত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচন(Assam assembly election 2021 )ত আমগুৰি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল অংকিতা দত্তই । পিতৃয়ে প্ৰতিনিধিত্ব কৰা সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী অংকিতা দত্ত পৰাস্ত হৈছিল যদিও যথেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল যুৱ নেত্ৰী গৰাকী । ইফালে, ৰাজ্যৰ যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে ৰাতুল পাটোৱাৰীক ।