অসম

assam

By

Published : May 19, 2022, 10:27 AM IST

ETV Bharat / city

বিভিন্ন দাবীৰে মহানগৰীত অংগনবাদী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

গ্ৰেচুইটি প্ৰদান, অৱসৰৰ বয়স ৬৫ বছৰ ধাৰ্যকৰণ আৰু অৱসৰকালীন সাহায্য অবিহনে অৱসৰ প্ৰদান নকৰাৰ দাবীত বুধবাৰে সমাজকল্যাণ বিভাগৰ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে (Anganwadi worker demands for retirement compensation)।

Anganwadi workers protest in Guwahati
বিভিন্ন দাবীৰে মহানগৰীত অংগনবাদী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

গুৱাহাটী, 19 মে’: মহানগৰীত অংগনবাদী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদ (Anganwadi workers protest in Guwahati)। উচ্চতম ন্যায়ালয়ৰ ৰায় মানি গ্ৰেচুইটি প্ৰদান, অৱসৰৰ বয়স ৬৫ বছৰ ধাৰ্যকৰণ আৰু অৱসৰকালীন সাহায্য অবিহনে অৱসৰ প্ৰদান নকৰাৰ দাবীত বুধবাৰে সমাজকল্যাণ বিভাগৰ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে (Anganwadi worker demands for retirement compensation)। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ অৱসৰকালীন সাহায্য আবিহনে অৱসৰ দিয়া নচলিব, কৰ্মৰত কৰ্মীৰ পৰা ৫০% মুখ্য সেৱিকাৰ পদ পূৰণ কৰক আদি শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

সন্থাৰ সম্পাদিকা ইন্দিৰা নেৱাৰে কয় যে, অংগনবাদী কৰ্মী সহায়িকা সকলৰ অৱসৰৰ সময় ৬৫ বছৰলৈ বৃদ্ধি কৰা আৰু চৰকাৰে ঘোষণা কৰা অৱসৰকালীন সাহায্যৰ চৰকাৰী জাননী প্ৰকাশৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল যদিও কোনো সঁহাৰি পোৱা নাই । বিভিন্ন প্ৰকল্পত প্ৰকল্প বিষয়া সকলে ৬০ৰ উৰ্দ্ধৰ অংগনবাদী কৰ্মী সহায়িকাসকলক অৱসৰ গ্ৰহণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি থকা বুলি তেওঁ অভিযোগ তোলে ।

তেওঁ জনায় যে, উচ্চতম ন্যায়ালয়ে অংগনবাদী কৰ্মী সহায়িকা সকলক গ্ৰেচুইটি প্ৰদান কৰাৰ নিৰ্দেশ সম্পৰ্কেও স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল । কিন্তু সমাজকল্যাণ বিভাগে কোনো ধৰণৰ সঁহাৰি নিদিলে ।

নেৱাৰে কয় যে, অংগনবাদী কৰ্মী-সহায়িকা সকলে সমাজ কল্যাণ বিভাগৰ তৃণমূল স্তৰৰ প্ৰায় সকলো সেৱা আগবঢ়াই আছে । সেৱা আগবঢ়াই অহা অংগনবাদী কৰ্মী-সহায়িকা সকলক অৱসৰৰ সময়ত অমানৱীয় অৱস্থাৰ সৃষ্টি কৰা অতি দুখজনক কথা । সহায়িকাসকলৰ অৱসৰৰ সময় ৬০ বছৰৰ পৰিৱৰ্তে ৬৫ বছৰ নিৰ্ধাৰণ কৰিব লাগে । কিয়নো ভাৰতৰ বিভিন্ন ৰাজ্যই ইতিমধ্যে অংগনবাদী কৰ্মী-সহায়িকাসকলৰ অৱসৰৰ বয়স ৬৫ ৰ পৰা ৭০ বছৰলৈ বৃদ্ধি কৰিছে ।

চৰকাৰে ঘোষণা কৰা অংগনবাদী কৰ্মীৰ বাবে ৪ লাখ, মিনি কৰ্মীৰ বাবে ৩ লাখ আৰু সহায়িকাৰ বাবে ২ লাখ টকাৰ অৱসৰকালীন সাহায্য সম্পৰ্কত শীঘ্ৰে চৰকাৰী জাননী প্ৰকাশ কৰিবলৈ দাবী জনায় ।

তেওঁ লগতে কয় যে, কৰ্মৰত কৰ্মী সকলৰ পৰা মুখ্য সেৱিকা পদপূৰণৰ কৰিব লাগে । কিন্তু চৰকাৰে সেই ব্যৱস্থা নকৰি বাহিৰ পৰা মানুহ আনি মুখ্য সেৱিকাৰ পদ পূৰণ কৰে । ইপিনে বিভাগীয় মন্ত্ৰীয়ে ১০ হাজাৰ মডেল কেন্দ্ৰ স্থাপনৰ কথা কৈছে কিন্তু বাকী কেন্দ্ৰবোৰৰ শোচনীয় অৱস্থাৰ খবৰ লোৱা নাই বুলিও অভিযোগ কৰে ইন্দিৰা নেৱাৰে ।

লগতে পঢ়ক:বৰাকৰ পৰিস্থিতিক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details