অসম

assam

ৰে'ল যাত্ৰীৰ বাবে বিশেষ পদক্ষেপ : নিৰ্মাণ হ'ব ৰাজহুৱা টইলেট

By

Published : Oct 5, 2019, 9:50 AM IST

ৰে'ল যাত্ৰীসকলৰ বাবে ভাৰতীয় ৰেলৱে'ৰ খাদ্য আৰু পৰ্যটন বিভাগে (IRCTC) গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ অতিশীঘ্ৰে মহিলাসকলৰ বাবে নিজাববীয়া প্ৰচেষ্টাৰে ৰাজহুৱা টইলেটৰ ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে সাংসদ কুইন ওজাই ৷

ৰে'ল যাত্ৰীৰ বাবে বিশেষ পদক্ষেপৰ আশ্বাস কুইন ওজাৰ

গুৱাহাটী, 5 অক্টোবৰ : ৰে'ল যাত্ৰীসকলৰ বাবে ভাৰতীয় ৰেলৱে'ৰ খাদ্য আৰু পৰ্যটন বিভাগে (IRCTC) গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ শুকুৰবাৰে যাত্ৰীসকলৰ সুবিধাৰ্থে মালিগাঁও কামাখ্যা ৰে'ল ষ্টেচনত মুকলি কৰা হয় কচিনা ফুড প্লাজা নামৰ এখন বিলাসী ৰেষ্টোৰেন্ট ৷ এই ৰেষ্টোৰেন্টখন আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাই । এই ৰেষ্টোৰেন্টখনত যাত্ৰীয়ে অতি কম দৰতে সুস্বাদু খাদ্য সামগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

ৰে'ল যাত্ৰীৰ বাবে বিশেষ পদক্ষেপৰ আশ্বাস কুইন ওজাৰ

ইফালে প্ৰস্ৰাৱগাৰৰ অভাৱত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা মহিলাসকলৰ বাবে নিজাববীয়া প্ৰচেষ্টাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে কুইন ওজাই । পৰ্যাপ্ত স্থানৰ অভাৱত ৰাজহুৱা টয়লেট নিৰ্মাণত ব্যাঘাট জন্মিছে বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে । এই ক্ষেত্ৰত অতিশীঘ্ৰে এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে সাংসদ কুইন ওজাই ।

ABOUT THE AUTHOR

...view details