নিউজ ডেস্ক,গুৱাহাটী, 8 জানুৱাৰী : আৰক্ষীৰে গিজগিজাই থকা ৰাজধানী মহানগৰী দিছপুৰত লোমহৰ্ষক ডকাইতি কাণ্ড ৷ অৱসৰপ্ৰাপ্ত অভিযন্তাক হত্যা কৰি ডকাইতৰ লুটপাত ৷ নিহত অভিযন্তাজনৰ নাম পৰেশ চন্দ্ৰ বৰুৱা ৷ মঙলবাৰে নিশা সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড ৷ নিশা ঘৰত অকলে আছিল পৰেশ চন্দ্ৰ বৰুৱা ৷ আইন মহাবিদ্যালয় পথত সংঘটিত এই ঘটনা ৷ দিছপুৰ আৰক্ষী চকীৰ পৰা প্ৰায় 500 মিটাৰ দূৰত্বত অৱস্থিত মৃত পৰেশ চন্দ্ৰ বৰুৱাৰ গৃহ ৷
ৰাজধানী দিছপুৰত লোমহৰ্ষক হত্যাকাণ্ড আৰু ডকাইতি
অৱসৰপ্ৰাপ্ত অভিযন্তাক হত্যা কৰি ডকাইতৰ লুটপাত ৷ নিহত অভিযন্তাজনৰ নাম পৰেশ চন্দ্ৰ বৰুৱা ৷ মঙলবাৰে নিশা সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড ৷
ৰাজধানী দিছপুৰত লোমহৰ্ষক হত্যাকাণ্ড আৰু ডকাইতি
নিহত বৰুৱাৰ পত্নী চিকিৎসক ডাঃ গৰিমা শইকীয়া বৰুৱা ৷ বুধবাৰে পুৱাই পৰেশ চন্দ্ৰ বৰুৱাৰ ঘৰত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, মহানগৰ আৰক্ষীৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাসহ আৰক্ষী আৰু চি আই ডিৰ এটা দল৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : অসমৰ মুখ্যমন্ত্ৰী কোন ? মোডী-শ্বাহক কোনে অসমীয়া সজালে ?
Last Updated : Jan 8, 2020, 4:31 PM IST