গুৱাহাটী, 5 মে’:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ এবছৰ পূৰ্ণ কৰাৰ (First anniversary of Himanta government) বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মঙলবাৰে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ বৰ্ষপুৰ্তিৰ ৰাজহুৱা সভা অনুষ্ঠিত হয় । ৰাজহুৱা সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union home minister Amit Shah) মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে কেবাগৰাকীও বিজেপি মন্ত্ৰী, সাংসদসকল উপস্থিত থাকে। বিশাল ৰাজহুৱা সভাত সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, অসমক বৈভৱশালী ৰাজ্য গঢ়ি তোলাৰ বাবে চেষ্টা কৰা হৈছে। অমিত শ্বাহৰ নেতৃত্বত দেশত 370 ধাৰা বিলুপ্ত হ’ব পাৰিছে। বি জে পিৰ শাসনত দেশত বাবৰৰ শাসনৰ অৱসান কৰি ৰাম ৰাজ্য গঠনৰ দিশত আগবাঢ়িছে । যোৱা বছৰ পৰিশ্ৰম আৰু সংকল্পৰ বছৰ আছিল ।
হিমন্ত চৰকাৰৰ বৰ্ষপুৰ্তিৰ বিশাল ৰাজহুৱা সভাত ভাগ ল’লে অমিত শ্বাহে তেওঁ কয়, " ড্ৰাগছমুক্ত অসম গঢ়াৰ চেষ্টা কৰিছো (Drugs free Assam)। 1 লাখ চাকৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা 14 মেত 25000 চাকৰি নিযুক্তি দিম। 6 লাখ লোকক অৰুনোদয় আচনিত অন্তৰ্গত কৰিম। 15 আগষ্টৰ পৰা অৰুনোদয় আচনিত প্ৰতিগৰাকীক 1250 টকা দিয়া হ'ব। 2023 চনত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলং সম্পূৰ্ণ হ'ব। মাজুলী, পলাশবাৰী দলং যোৱা বছৰত অনুমোদন কৰা হৈছে। অসমৰ ৰাইজৰ আজি স্বাৰ্থ সুৰক্ষিত। অসমত অনাগত দিনত উন্নয়নৰ গংগা নমাই আনিম। দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে অসমক গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিছো । "
বিশাল ৰাজহুৱা সভাত সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, অসমত ২০১৬ চনৰ আগতে বিধানসভাত পাচখন আসন আছিল। 2016 চনত 70 আসনেৰে বি জে পিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক এবছৰত পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ছয়বছৰত অসমত শান্তি প্ৰতিষ্ঠা হৈছে। 1 লাখ চাকৰি প্ৰতিশ্ৰুতি দিছিল। সফল হৈছে ।
অসমৰ পৰা গৰু সৰাবাৰহ সকলো বন্ধ হৈছে। সত্ৰৰ 10,700 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে। অবৈধ বাংলাদেশীৰ প্ৰৱজন আগত সময়ত সম্পূৰ্ণ বন্ধ হ'ব। সীমা সমস্যা সমাধানৰ কাম কৰি আছে । কংগ্ৰেছৰ শাসনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত 7 বাৰ AFSPA পুনৰ লাগু কৰিছিল। কিন্তু বি জে পি চৰকাৰে এবাৰতে AFSPA বাতিল কৰিছে (BJP withdraws AFSPA from Assam)। তেওঁ কয় -" পশ্চিম বংগত অবৈধ বাংলাদেশী বিতাড়ণৰ বাবে আমি সহায় পোৱা নাই।
কিন্তু অসমত সফল হৈছো । অনাগত দিনত অসম উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱাৰ হাব হ'ব। বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে অসমত বি জেপিৰ শাসনত ব্যাপক পৰিৱৰ্তন হৈছে। ব্যাপক উন্নয়ন হৈছে ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ কথাৰে শলাগ লয়। অসম উন্নয়নৰ দিশত আগুৱায় যাবলৈ সক্ষম হৈছে । শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেওঁ কয়- অনাগত দিনত আত্মনিৰ্ভৰ অসম গঢ়িব লাগিব। সভাত বি জে পিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই, বি টি চিৰ প্ৰধান প্ৰমোদ বড়ো, অগপৰ সভাপতি অতুল বৰাই বক্তৃতা প্ৰদান কৰে।
লগতে পঢ়ক :গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক প্ৰদান কৰিলে দেশৰ সন্মানীয় ৰাষ্ট্ৰপতিৰ নিচান