আমিগাঁও,১১জুন: আমিনগাঁৱৰ জয়গুৰুত সংঘটিত হয় পৈশাচিক কাণ্ড । প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাক ভয়-ভাবুকি,হত্যাৰ ধমকিৰে চলোৱা হ'ল নিৰ্যাতন ।
জঘন্য কাণ্ডঃ প্ৰেমিকৰ সন্মুখতে চলন্ত গাড়ীত প্ৰেমিকাক নিৰ্যাতন
আমিনগাঁৱৰ জয়গুৰুত প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাক নিৰ্যাতন চলালে জয়নুদ্দিন আহমেদ নামৰ এজন গাড়ী চালকে, এহাল যুৱক-যুৱতী মুকালমুৱালৈ পলাই যোৱাৰ সময়তে বাহনৰ চালকে ভয়-ভাবুকিৰে উপৰ্যুপৰি চলায় নিৰ্যাতন ৷
ঘটনা অনুসৰি, সোমবাৰে নিশা মহানগৰীৰ এহাল প্ৰেমিক-প্ৰেমিকাই মুকালমুৱালৈ পলাই যোৱাৰ উদ্দেশ্যৰে ঘৰৰ পৰা ওলাই আহিছিল । পুৱতি নিশা প্ৰেমিক -প্ৰেমিকাহালে সহায় বিচাৰিছিল এখন ব'লেৰো পিক-আপ ভেনৰ পৰা । ভেনখনৰ জয়নুদ্দিন আহমেদ নামৰ চালকজনে প্ৰেমিক-প্ৰেমিকাহালক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছিল । কিন্তু সহায়ৰ আঁৰত চালকজনে ৰচিছিল এক কামনাৰ জাল । প্ৰেমিক-প্ৰেমিকাহালে জালুকবাৰী পাৰ হোৱাৰ পাছতেই চালক আহমেদে প্ৰেমিক-প্ৰেমিকাহালক হত্যাৰ ভাবুকি দি আমিনগাঁৱৰ জয়গুৰুত প্ৰেমিকৰ চকুৰ সন্মুখতে নিৰ্যাতন চলালে প্ৰেমিকাক । অসহায় যুৱকজনে গাড়ীখনৰ পৰা জঁপিয়াই পুৱতি নিশা চিঞৰ-বাখৰ কৰাৰ লগতে ঘাইপথৰ সমীপতে থকা উত্তৰ-গুৱাহাটী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত অৱগত কৰে । উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে ততাতৈয়াকৈ ভূক্তভোগী যুৱতীগৰাকীক গৰাকীক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত জয়নুদ্দিন আহমেদক আটক কৰে । ইফালে, এই ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰাত ২০৬/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।